Sunday, October 2, 2022
HomeNewsবেছবলৰ ক্লাব নেচনেল টুৰ্ণামেন্টৰ দ্বিতীয় লীগ মেচত ৰাইনো ক্লাব আসামৰ জয়

বেছবলৰ ক্লাব নেচনেল টুৰ্ণামেন্টৰ দ্বিতীয় লীগ মেচত ৰাইনো ক্লাব আসামৰ জয়

অলিম্পিয়া প্ৰতিবেদন

হায়দৰাবাদত অপ্ৰতিৰোধ্য অসমৰ বেছবল দল “ৰাইনো বেছবল ক্লাব “। ক্লাব নেচনেল টুৰ্ণামেন্টৰ লীগ মেচত জয়ী ৰাইনো । ৰাইনো ক্লাবৰ হাতত পৰাভূত হায়দৰাবাদ চেলেঞ্জাৰ্ছ ক্লাব ।

হায়দৰাবাদৰ তুৰকাপল্লীৰ ইংলিছ উইল’ গ্ৰাউণ্ডত চলিত মাহৰ ৮ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে বেছবলৰ ক্লাব নেচনেল টুৰ্ণামেন্ট । চিপিবিএছচি ৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে দেশৰ আগশাৰীৰ ৬ টাকৈ ক্লাবে । বৃহস্পতিবাৰে লীগৰ দ্বিতীয়খন মেচত হায়দৰাবাদ চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে অৱৰ্তীণ হল ৰাইনো ক্লাব আছাম । মৈদানত ৰাইনো ক্লাব অসমে প্ৰদৰ্শন কৰিলে নিজৰ পৰাক্ৰম । ৯-৪ ৰাণৰ ব্যৱধানত হায়দৰাবাদ চেলেঞ্জাৰ্ছ বিধস্ত । ফলত তীব্ৰ উত্তেজনাপূৰ্ণ দ্বিতীয় মেচত ৫ ৰাণত জয়ী হ’ল ৰাইনো ক্লাব আছাম । লীগ মেচৰ প্ৰথমখনত পাঞ্জাব লাইয়নছৰ হাতত পৰাভূত হোৱাৰ পাছত দুৰ্দান্ত হৈ উঠিছে টীম ৰাইনো ক্লাব আছাম ।
শুক্ৰবাৰে পুনৰ তৃতীয়খন মেচত দলটো যুঁজিব ফৰিদাবাদ বেছবল ক্লাবৰ সৈতে ।
আনহাতে , ৰাইনো ক্লাব আছামে খেলিবলগীয়া লীগ মেচৰ পাঁচখন খেলৰ ভিতৰত বৃহস্পতিবাৰ পৰ্য্যন্ত খেলিছে দুখনকৈ মেচ । হাতত বাকী আছেগৈ আৰু ৩ খন মেচ । বাকী লীগ মেচসমূহ অহা ১২ ফেব্ৰুৱাৰীত অম্ৰাৱতী আৰু ১৩ ফেব্ৰুৱাৰীত ফেমাছ ক্লাবৰ বিপক্ষে খেলিব ৰাইনো ক্লাব আছামে ।
উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বেছবল ছাফ্টবল এছচিয়েচন অব আছামৰ তত্বাৱধানত গঠন কৰা হৈছে ৰাইনো ক্লাব । অসম তথা উত্তৰ পূবৰ লগতে বিভিন্ন ৰাজ্যৰ বচা বচা খেলুৱৈৰ সমাহাৰেৰে শক্তিশালী কৰা হৈছে ৰাইনো ক্লাব । অসমৰ পৰা যোৱা ১৬ জনীয়া দলটোত প্ৰশিক্ষক হিচাপে জোন দত্ত, অমন তাম্বলী আৰু দলৰ মেনেজাৰ হিচাপে আছে কিষাণ চৌধুৰী ।

ক্ৰীড়া অনুৰাগীৰ আশা– বেছবলৰ ক্লাব নেচনেলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে প্ৰতিপক্ষক হৰুৱাই দখল কৰক চেম্পিয়নৰ খিতাপ । বেছবল বিশ্বলৈ ধাৱিত হওক অসমৰ খেলুৱৈ । অসমে লাভ কৰক বেছবলৰ অনন্য মাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments