অলিম্পিয়া প্ৰতিবেদন
স্বৰ্ণপদকলৈ আৰু মাত্ৰ এটি খোজ ! কনফেডাৰেচন অৱ প্ৰফেচনেল বেছবল ছফ্টবল ক্লাবছ ইন ইণ্ডিয়াৰ উদ্যোগত হায়দৰাবাদত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় ক্লাব নেচনেল টুৰ্ণামেন্টৰ শনিবাৰৰ এখন গুৰুত্বপূৰ্ণ খেলত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ দল ৰাইনো ক্লাব আছামে অম্ৰাৱতী ক্লাব, অন্ধপ্ৰদেশক ১৫-০ ত পৰাজিত কৰি দেশত প্ৰথমবাৰলৈ অনুষ্ঠিত এই আড়ম্বৰপূৰ্ণ প্ৰতিযোগিতাখনিত স্বৰ্ণপদকৰ অন্যতম দাবীদাৰ দল হৈ পৰিল ।
সুদক্ষ খেলুৱৈ গৌৰৱ চেংগাৰৰ নেতৃত্বত (ভাৰতীয় ৰাষ্ট্ৰীয় বেচবল দলৰ অধিনায়ক) অংশগ্ৰহণ কৰা ৰাইনো ক্লাব আছামে দেওবাৰে অৱৰ্তীণ হ’ব ফেমাছ ক্লাবৰ বিপক্ষে ।