Monday, October 3, 2022
HomeNewsশিৱসাগৰৰ বেতবাৰীত ফুটবলৰ উন্মাদনা

শিৱসাগৰৰ বেতবাৰীত ফুটবলৰ উন্মাদনা

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

শিৱসাগৰৰ বেতবাৰীত ফুটবলৰ বতাহ। লোকে লোকাৰণ্য ঐতিহাসিক কেন্দুগুৰি জেউতি খেলপথাৰ
। দুভৰিৰ ছন্দত ৰোমাঞ্চিত শিৱাসাগৰৰ ফুটবল অনুৰাগী ।

দেওবাৰৰ পৰা বেতবাৰীত জেউতী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত আৰম্ভ হ’ল প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা । শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ ঐতিহাসিক কেন্দুগুৰি জেউতি খেল পথাৰত ৭ দিনীয়া কাৰ্য্যসূচীৰে প্ৰয়াত বাণীকান্ত কাকতিৰ সোঁৱৰণিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।উদ্বোধনী মেচত যুঁজত নামিল
পানীবিল দল বনাম কালুগাঁও এফ চি।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত পানীবিল দলক কালুগাঁও এফ.চি দলে
এক -শূণ্য গ’লত পৰাস্ত কৰি ক্ৰীড়াপ্ৰেমী দৰ্শকক আমোদ দিবলৈ সক্ষম হয় ৷
ইফালে, আমন্ত্ৰণমূলক প্ৰাইজমণী ফুটবল প্ৰতিযোগিতাত ইতিমধ্যে জিলাখনৰ বিভিন্ন অঞ্চলৰ ২০ টাৰো অধিক ফুটবল দলে অংশগ্ৰহণ কৰিছে ৷
লগতে উক্ত প্ৰতিযোগিতাত স্বৰ্গীয় অকণ গগৈ আৰু স্বৰ্গীয় বিপিন বৰপাত্ৰগোঁহাইৰ পৰিয়ালৰ তৰফৰ পৰা সোঁৱৰণি বঁটা প্ৰদান কৰিছে।
উদ্ধোধনী খেলখনত মূখ্য উদ্ধোধক হিচাপে উপস্থিত থাকিল তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈ,শিৱসাগৰৰ বিশিষ্ট সাংবাদিক দ্ৰুণ খঙীয়া, যুৱ সাংবাদিক ৰূপজ্যোতি চাংমাই, জিতু বৰগোহাঁইৰ লগতে কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক ৷উদ্যোক্তাৰ প্ৰচেষ্টাক শলাগিলে তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে।

ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব বেতবাৰীত অনুষ্ঠিত এই প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা সাফল্যমণ্ডিত হৈ উঠক। এনে মঞ্চৰ পৰাই জন্ম হওক উদিয়মান ফুটবলাৰৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments