অলিম্পিয়া প্ৰতিবেদন
পুনৰ চাৰি বছৰৰ বাবে ভাৰতীয় বেডমিণ্টনৰ গুৰি ধৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভাৰতীয় বেডমিণ্টন সন্থা চমুকৈ ‘বাই’ৰ শুক্ৰবাৰে গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত সভাপতি হিচাপে ড০ শৰ্মা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । ২০১৭ ত ‘বাই’ৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শৰ্মাই পুনৰ ২০২২ ৰ পৰা ২০২৬ লৈ এই পদত থাকিব । বিগত চাৰি বছৰত শৰ্মাৰ দিনতে বেডমিন্টনৰ বিকাশৰ বাবে যথেষ্ট পৰিমাণৰ পুজি সংগ্ৰহ হৈছিল । তেওঁ বেডমিন্টন এছিয়াৰ উপ-সভাপতি আৰু বেডমিন্টন বিশ্ব ফেডাৰেচনৰো কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য । নতুন কাৰ্যনিৰ্বাহকত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক সঞ্জয় মিশ্ৰ হ’ব নতুন সাধাৰণ সম্পাদক । পুৰ্বতে এই পদত থকা অজয় কুমাৰ সিংহানিয়া সভাপতি পদত থাকিব । অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰচিদ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । মহাৰাষ্ট্ৰ বেডমিন্টন সন্থাৰ সভাপতি অৰুণ লাখানি হ’ব নতুন কোষাধ্যক্ষ । ৰাষ্ট্ৰীয় মুখ্য প্ৰশিক্ষক পুল্লেলা গোপীচান্দ উপ- সভাপতি হিচাপে নিৰ্বাচিত হৈছে । নতুন কাৰ্যনিৰ্বাহক পৰিষদত ১২ গৰাকী উপ- সভাপতি, ৮ গৰাকী যুটীয়া সম্পাদক আৰু ৮ গৰাকী কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হৈছে ।