Sunday, October 2, 2022
HomeNewsগম্ভীৰ বনাম আফ্ৰিদী: এইবাৰ আফ্ৰিদীক উভতি ধৰিলে গৌতম গম্ভীৰে

গম্ভীৰ বনাম আফ্ৰিদী: এইবাৰ আফ্ৰিদীক উভতি ধৰিলে গৌতম গম্ভীৰে

olympoasports.in

তুংগত উঠিছে আফ্ৰিদী আৰু গৌতম গম্ভীৰৰ বাকযুদ্ধ। কেইদিনমান আগতে পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক উদ্দেশ্য কৰি তেওঁৰ গ্ৰন্থত তীৰ্যক মন্তব্য কৰিছিল। আফ্ৰিদীয়ে তেওঁৰ গ্ৰন্থত লিখিছে—- ‘ভাৰতৰ প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰে নিজকে ডন ব্রেডমেন আৰু জেমছ বণ্ডৰ সংমিশ্রণ বুলি আচৰণ কৰে ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত তেওঁ কেৱল এটা সাধাৰণ চৰিত্রহে ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ তেওঁৰ কোনো লেখত ল’বলগীয়া অৱদান নাই ৷ কোনো ব্যক্তিত্ব নোহোৱা গম্ভীৰ অত্যন্ত অহংকাৰী ৷’

আফ্ৰিদীৰ এই মন্তব্যৰ পিছতেই গৌতম গম্ভীৰে এতিয়া আফ্ৰিদীক উভতি ধৰিছে। গম্ভীৰে নিজৰ টুইটাৰত আফ্ৰিদীক উদ্দেশ্য কৰি লিখিছে— ‘আফ্রিদীৰ দৰে মিছলীয়া আৰু বিশ্বাসঘাতক ব্যক্তিৰ বাবে মই সঁচাকৈয়ে স্বাভিমানী৷ নিজৰ বয়সকে মনত ৰাখিব নোৱাৰা এগৰাকী ব্যক্তিয়ে মোৰ অভিলেখ কিদৰে মনত ৰাখিব৷ মই তেওঁক মনত পেলাই দিব বিচাৰোঁ যে ২০০৭ৰ টি–২০ বিশ্বকাপৰ ফাইনেলত ৫৪ বলত ৭৫ ৰান কৰিছিলোঁ আৰু আফ্রিদীয়ে প্রথমটো বলতে আউট হৈছিল ৷’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments