Tuesday, October 4, 2022
HomeNewsকেইবাটাও অভিলেখ স্থাপনেৰে Bayern Munich চেম্পিয়ন

কেইবাটাও অভিলেখ স্থাপনেৰে Bayern Munich চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

জাৰ্মানীৰ ফুটবল ক্লাব Bayern Munich য়ে ষষ্ঠ বাৰৰ বাবে ইউ এ এফ চেম্পিয়নছ লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ক্লাৱটোৱে ফাইনেলত ফ্ৰান্সৰ পি এছ জিক ১-০ ত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। চেম্পিয়নছ লীগৰ ইতিহাসত এটা চিজনত সকলো মেচ অৰ্থাৎ ১১খন মেচ জয় কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰা একমাত্ৰ ক্লাব ৰূপে পৰিগণিত হৈছে Bayern Munich ।

চূড়ান্ত খেলখনত Bayern ৰ হৈ একমাত্ৰ গ’লটো Kingsley Coman য়ে হেডৰ সহায়ত ৫৯ মিনিটত কৰিবলৈ সক্ষম হয়। গ’লটো কৰাত সহায় কৰিছিল Joshua Kimich য়ে।

চেম্পিয়নছ লীগৰ বিগত ৫০ বছৰৰ ভিতৰত পি এছ জিয়ে প্ৰথম বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল আৰু Bayern Munich য়ে একাদশ বাৰৰ বাবে ফাইনেলত উপনীত হৈছিল। এই ক্লাৱটোৱে ২০১৩ চনটো খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।

ফাইনেল খেলখনত দীৰ্ঘসময়ৰ বাবে Bayern ৰ হাততেই পজিচন আছিল। খেলখনত Bayern ৰ হাতত ৬২ শতাংশ পজিচন থকাৰ বিপৰীতে পি এছ জিৰ হাতত ৩৮ শতাংশ পজিচন আছিল। ইয়াৰ উপৰিও পি এছ জিৰ খেলুৱৈয়ে ১৬ বাৰ ফাউল কৰাৰ বিপৰীতে দুয়োটা দলৰে চাৰি গৰাকীকৈ খেলুৱৈয়ে হালধীয়া কাৰ্ড লাভ কৰিছিল। আনহাতে দুয়োটা দলে চাৰিটাকৈ কৰ্ণাৰ অৰ্জন কৰে।

Bayern ৰ হৈ একমাত্ৰ গ’লটো ৫৯ মিনিটত কৰিবলৈ সক্ষম হয় Kingsley Coman য়ে। ইয়াৰ পিছতে চেম্পিয়নছ লীগত গ’ল কৰা তেওঁ ফ্ৰান্সৰ পঞ্চমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয়। আনহাতে চেম্পিয়নছ লীগৰ ইতিহাসত ৫০০গ’ল কৰা ক্লাৱৰ তালিকাত Bayern য়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই লীগত সৰ্বাধিক গ’ল কৰা ক্লাৱৰ তালিকাত প্ৰথম স্থানত ৫৬৭ গ’লেৰে ৰিয়েল মাদ্ৰিদ থকাৰ বিপৰীতে দ্বিতীয় স্থানত ৫১৭ গ’লৰ সহায়ত আছে বাৰ্চিলোনা।

উল্লেখ্য যে, ইউ এ এফ ৰেংকিংৰ দ্বিতীয় স্থানত থকা Bayern ক্লাৱে চলিত চিজনৰ ১১খন মেচেই জয় কৰিবলৈ সক্ষম হৈছে আৰু সৰ্বাধিক ৪৩টা গ’ল কৰিবলৈ সক্ষম হৈছে। আনহাতে এটা চিজনত সকলোতকৈ বেছি গ’ল কৰা ক্লাৱৰ তালিকাত ৪৫টা গ’লৰ সহায়ত প্ৰথম স্থানত আছে বাৰ্চিলোনা। বাৰ্চিলোনাই ১৯৯৯-২০০০চিজনত ৪৫টা গল কৰি এটা চিজনত সৰ্বাধিক গ’ল কৰা ক্লাৱ ৰূপে পৰিগণিত হৈছিল।

মেচখনৰ অন্তত Bayern ক্লাৱৰ ৰক্ষণ বিভাগৰ খেলুৱৈ ডেভিডে Black Lives Matter টি-চাৰ্ট পৰিধান কৰি খেল পথাৰৰ মাজত আঁঠুকাঢ়ি বহে। ইয়াৰ জৰিয়তে তেওঁ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে চলি থকা অভিযানৰ সমৰ্থন কৰে। ইয়াৰ পূৰ্বে বহু ফুটবলাৰ, ক্ৰিকেটাৰে ক্ৰীড়া প্ৰতিযোগিতাত এনেধৰণৰ টি-চাৰ্ট পৰিধান কৰি আ‍ঁঠু কাঢ়ি বহি বৰ্ণ বৈষম্যৰ বিৰুদ্ধে চলি থকা অভিযানক সমৰ্থন কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments