Friday, September 30, 2022
HomeNewsভাৰতীয় ক্ৰিকেট দল হ'ল টীম মাক্স ফৰ্চ : টুইটাৰত বি চি চি...

ভাৰতীয় ক্ৰিকেট দল হ’ল টীম মাক্স ফৰ্চ : টুইটাৰত বি চি চি আইয়ে আপলোড কৰিলে ভিডিঅ

olympiasports.in

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে ভাৰত চৰকাৰে।চৰকাৰলৈ সহযোগিতা আগবঢ়াইছে ভাৰতৰ সকলো তাৰকা ব্যক্তিয়ে। বাদ পৰি ৰোৱা নাই ক্ৰীড়া জগতৰ তাৰকাসকলো। জনসাধাৰণৰ মাজত ক’ভিড-১৯ ৰ সজাগতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে ভাৰতৰ ক্ৰীড়া জগতৰ বহু তাৰকাই। ইয়াৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলটোৰ পূৰ্বৰ তাৰকাসকলৰ লগতে বৰ্তমানৰ অধিনায়ক আৰু অন্যান্য সদস্য সকল অন্যতম। এইবাৰ ভাৰতীয় ক্ৰিকেটাৰ সকলে প্ৰস্তুত কৰি উলিয়াইছে ভিডিঅ’।

জনসাধাৰণৰ মাজত মাক্স পৰিধানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বি চি চি আইৰ উদ্যোগত ভাৰতীয় ক্ৰিকেটাৰসকলে তৈয়াৰ কৰিছে এক সজাগতামূলক ভিডিঅ’। ভিডি’টোৰ জৰিয়তে মাক্স পৰিধান কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱাৰ লগতে এই যুঁজত চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ সকলোকে আহ্বান জনাইছে। ভিডিঅ’টোত অংশলৈছে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক বিৰাট কোহলি, বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী, স্মৃতি মান্ধানা, ৰোহিত শৰ্মা, হৰভজন সিং, মহিলা দলটোৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, বীৰেন্দ্ৰ সেৱাগ, ৰাহুল দ্ৰাবিড়, মিতালী ৰাজ আৰু শচীন তেণ্ডুলকাৰে‌।

উল্লেখ্য যে এইসকল ক্ৰিকেটাৰে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ পূৰ্বে ভাৰত চৰকাৰলৈ অৰ্থ যোগান ধৰাৰ লগতে দৰিদ্ৰ জনসাধাৰণলৈও সহায়ৰ হাত আগবঢ়াইছে।


ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ টুইটাৰত এই ভিডিঅ’ আপলোড কৰি লিখিছে যে টীম ইণ্ডিয়া এতিয়া টীম মাক্স ফৰ্চ। কৰ’নাৰ বিৰুদ্ধে ভাৰতৰ যুজঁত যোগ দিয়ক আৰু মাইগভ ইণ্ডিয়াৰ সেঁতু আৰোগ্য মোবাইল এপ্লিকেচন ডাউনলোড কৰক।


- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments