Monday, October 3, 2022
HomeNewsআই পি এল বাতিল হ'লে লোকচান হ'ব ৪ হাজাৰ কোটি

আই পি এল বাতিল হ’লে লোকচান হ’ব ৪ হাজাৰ কোটি

olympiasports.in

ক্ৰিকেট বাৰ্তা

কৰ’না মহামাৰীৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশশ্বৰ্যশালী প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ। ফলত বৃহৎ লোকচানৰ সন্মুখীন হবলৈ আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ অনুষ্ঠিত কৰিব নোৱাৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৪ হাজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাব। ব’ৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমলে সংবাদ মাধ্যমৰ আগত এই প্ৰসংগত কৈছে যে,

“আই পি এল বাতিল মানেই বৃহৎ বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা। বি চি চি আই বৃহৎ ক্ষতিৰ দিশে আগবাঢ়ি আছে। যদি আই পি এলখন বাতিল হয়, তেনে বি চি চি আইয়ে অতি কমেও ৪০ বিলিয়নৰ লোকচানৰ সন্মুখীন হ’ব।”

আনহাতে ধুমালে এই বুলিও সন্দেহ প্ৰকাশ কৰে যে, যিকোনো প্ৰকাৰে আই পি এল অনুষ্ঠিত কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও এইবাৰ আই পি এল অনুষ্ঠিত কৰিব পৰা যাবনে, নাযায় তাক লৈ সন্দেহ আছে।

ইয়াৰ উপৰিও কৰ’না মহামাৰীৰ সংক্ৰমণ হোৱাৰ মুহূৰ্তত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা শৃংখলাও আধাতে বাতিল কৰিবলগীয়া হৈছিল। যাৰ বাবে তেতিয়াও বি চি চি আইৰ অৰ্থনৈতিক ক্ষতি হৈছিল। ইয়াৰ পিছতেই যদি আই পি এলো অনুষ্ঠিত নহয়, তেনে বি চি চি আইৰ যে ৰাজহ লোকচানৰ পৰিমাণে বহুগুণে বৃদ্ধি হ’ব সেয়া নিশ্চিত। মন কৰিবলগীয়া যে আই পি এলৰ জৰিয়তে প্ৰতিবছৰে বিভিন্ন উৎসৰ পৰা বি চি চি আইয়ে উপাৰ্জন কৰে প্ৰায় ১১ বিলিয়ন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments