Friday, September 30, 2022
HomeNewsপ্ৰযুক্তিৰ সহায়ত হ'ব ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ নিৰ্বাচন

প্ৰযুক্তিৰ সহায়ত হ’ব ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ নিৰ্বাচন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেট দললৈ খেলুৱৈ নিৰ্বাচন কৰিবলৈ ব্যৱহাৰ কৰিব প্ৰযুক্তি। খেলুৱৈ নিৰ্বাচনী প্ৰক্ৰিয়াটোত থকা জটিলতা দূৰ কৰি সহজ কৰিবলৈকে এনেধৰণৰ চিন্তা-চৰ্চা কৰিছে বি চি চি আইয়ে। এতিয়াৰে পৰা প্ৰতিখন ঘৰুৱা ক্ৰিকেট মেচৰ ভিডিঅ’ ফুটেজ নিৰ্বাচক আৰু খেলুৱৈসকলৰ বাবে উপলব্ধ কৰিব। সেই অনুসৰিয়েই এতিয়াৰে পৰা বি চি চি আইয়ে প্ৰতিখন ষ্টেডিয়ামত উন্নতমানৰ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰিছে। বি চি চি আইৰ শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে ‘খেলুৱৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো বিগত ছিজনত আৰম্ভ কৰা হৈছিল। দেশৰ বিভিন্ন স্থানত চলি থকা মেচসমূহ চোৱাটো নিৰ্বাচকৰ বাবে যথেষ্ট জটিল। সেয়ে মেচৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি তাৰ চিডি দলসমূহক দিয়াৰ লগতে ডিজিটেল ৰূপত সংৰক্ষণ কৰা হ’ব। যাৰ ফলত নিৰ্বাচকৰ বাবে কাম পূৰ্বতকৈ সহজ হ’ব। যেতিয়াই কোনো এগৰাকী ক্ৰিকেটাৰৰ উন্নত প্ৰদৰ্শনৰ কথা আলোচনালৈ আহিব, তেতিয়াই নিৰ্বাচকে তৎকালীনভাৱে সংশ্লিষ্ট খেলুৱৈগৰাকীৰ প্ৰদৰ্শন চাব পাৰিব।’


ইতিমধ্যে ঘৰুৱা ক্ৰিকেটৰ ফুটেজ সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে কেইখনমান ৰাজ্য‌ই। হাৰিয়ানাই তেওঁলোকৰ নিজস্ব ৱেবছাইটত তেওঁলোকৰ প্ৰতিখন খেলৰ স্ক’ৰকাৰ্ড আৰু খেলৰ বিৱৰণ আপলোড কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments