olympiasports.in
বি চি চি আইৰ উপাধ্যক্ষ পদ ত্যাগ কৰিলে মহিম বাৰ্মাই। উত্তৰাখণ্ড ক্ৰিকেট সন্থা সচিব পদৰ বাবে নিৰ্বাচিত হোৱাৰ বাবেই এই সিদ্ধান্ত ল’বলৈ বাধ্য হয় বাৰ্মা। বি চি চি আইৰ সংবিধান অনুসৰি এজন ব্যক্তিয়ে এটা পদতহে অধিষ্ঠিত হৈ থাকিব পাৰে।
অৱশ্যে বাৰ্মাৰ পদত্যাগ সন্দৰ্ভত বি চি চি আইয়ে এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা নাই। কৰ’নাৰ সংক্ৰান্তত বি চি চি আইৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়ৰ কাম-কাজ বৰ্তমান স্থগিত ৰখা হৈছে। বি চি চি আই পুনৰ কাৰ্যক্ষম হৈ উঠিলেহে বাৰ্মাৰ পদত্যাগৰ ওপৰত সিদ্ধান্ত ল’ব সংস্থাটোৱে।
উল্লেখ্য যে যোৱা বছৰ ২৩ অক্টোবৰত বি চি চি আইৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছিল বাৰ্মা।