Friday, September 30, 2022
HomeNewsআই পি এল সন্দৰ্ভত বি চি চি আইৰ গুৰুত্বপূৰ্ণ জাননী

আই পি এল সন্দৰ্ভত বি চি চি আইৰ গুৰুত্বপূৰ্ণ জাননী

এইবাৰ আই পি এলত নাথাকিব কোনোধৰণৰ উদ্বোধনী অনুষ্ঠান। এই কথা নিশ্চিত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে।

ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ দলবোৰলৈ এই বিষয়ত জাননী প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ ক্ষেত্ৰত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বি চি চি আইয়ে লোৱা সিদ্ধান্ত অনুসৰি আই পি এলৰ প্ৰাইজমানিও হ্ৰাস পাব।চলিত বছৰত আই পি এলৰ বিজয়ী দললৈ ২০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা আছিল যদিও এই ধনৰ পৰিমাণ ৫০ শতাংশ কমাই ১০ লাখ টকা কৰা হৈছে। সেইদৰে ৰাৰ্ণাছ-আপ দলক ১২.৫ কোটি টকাৰ পুৰস্কাৰ দিয়াৰ পৰিবৰ্তে এইবাৰ দিয়া হ’ব ৬.২৫ কোটি টকা।

বি চি চি আইয়ে প্ৰতিটো দলৰ চাপৰ্টিং ষ্টাফৰ বাবেও লৈ আনিছে বেয়া খবৰ। কাৰণ পূৰ্বে জ্যেষ্ঠ চাপৰ্টিং ষ্টাফে তিনিঘণ্টাতকৈ অধিক সময় বিমানত যাত্ৰা কৰিবলৈ হ’লে বিজনেজ ক্লাছত যাত্ৰা কৰাৰ সুবিধা লাভ কৰিছেল। কিন্তু নতুন নিয়ম অনুসৰি ৩ ঘণ্টাৰ পৰিবৰ্তে ৮ ঘণ্টা সময় যাত্ৰা কৰিলেহে এই সুবিধা লাভ কৰিব।

বি চি চি আইৰ এই নতুন জাননীক একাংশ ক্ৰিকেট সমালোচকে সমৰ্থন কৰাৰ লগতে আন একাংশই সমালোচনা কৰিছে। বহুতে প্ৰশ্ন তুলিছে বিশ্বৰ ধনাধ্য ক্ৰিকেট ব’ৰ্ড ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আই ডেউলিয়া হৈছে নেকি?

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি হিচাপে সৌৰভ গাংগুলি নিৰ্বাচন হোৱাৰ পিছতেই ঘোষণা কৰিছিল যে আই পি এল পুৰস্কাৰ মূল্য হ্ৰাস কৰা হ’ব। ইয়াৰ উপৰিও ৰাজ্যিক ক্ৰিকেট ব’ৰ্ডৰ লগতে ঘৰুৱা ক্ৰিকেটক অধি গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments