অলিম্পিয়া প্ৰতিবেদন
ৰোহিত শৰ্মা অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ পৰা আঁতৰি থকা প্ৰসংগত আজিও স্পষ্ট হ’ব পৰা নাই বি চি চি আই। পূৰ্বতে আঘাতৰ সমস্যাৰ বাবে দলৰ পৰা বাদ পৰা ৰোহিত সুস্থ হৈ উঠিলেই পুনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলত যোগ দিয়াৰ কথা কোৱা হৈছিল। সেই অনুসৰি আই পি এলৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলপথাৰত নমা ৰোহিতে শীঘ্ৰেই দললৈ প্ৰত্যাৱৰ্তন কৰিব বুলি আশা প্ৰকাশ কৰিছিল সকলোৱে।
অৱশ্যে ৰোগৰ পৰা মুক্ত হৈ উঠালৈ এই সময়ছোৱাত নিজৰ শুশ্ৰূষা অষ্ট্ৰেলিয়াত ভাৰতীয় দলত থাকিয়েই কৰিব পাৰে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছিল। কিন্তু তাৰ পিছতো তেওঁ অষ্ট্ৰেলিয়ালৈ নোযোৱা প্ৰসংগই পুনৰ চর্চা লাভ কৰিছে।
শুক্ৰবাৰে এই সম্পৰ্কে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে ৰোহিতে কিয় ৰিদ্ধিমান চাহাৰ সৈতে অষ্ট্ৰেলিয়াতে শুশ্ৰূষা গ্ৰহণ কৰা নাই সেই কথা তেওঁ এই পৰ্য্যন্ত নাজানে।
ইয়াৰ পিছতেই বি চি চি আইয়ে এই সম্পৰ্কে থকা সকলো বিভ্ৰান্তি দূৰ কৰি কয় যে ৰোহিতে ভাৰতীয় শিবিৰত যোগ দিয়া নাই। কিয়নো ক্ৰিকেটাৰজনে তেওঁৰ অসুখীয়া পিতৃৰ সৈতে কেইটামান দিন কটাব বিচাৰে।
উল্লেখযোগ্য যে, ৰোহিতৰ পুনৰ স্বাস্থ্য পৰীক্ষা হ’ব ১১ ডিচেম্বৰত। সেই স্বাস্থ্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰিয়েই ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব নে নাই সেই কথাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বি চি চি আইয়ে।