অলিম্পিয়াৰ প্ৰতিবেদন
আই পি এল ২০২২ ৰ প্ৰস্তুতি পূৰ্ণ গতিত। শেহতীয়াকৈ বি চি চি আইয়ে আগন্তুক ছিজনৰ বাবে মেগা নিলামৰ তাৰিখ ঘোষণা কৰিছে। ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত বেংগালুৰুত অনুষ্ঠিত হ’ব বৃহৎ নিলাম । এই সকলোবোৰৰ মাজতে, বি চি চি আইয়ে বিগত বছৰৰ পৰিস্থিতিৰ পৰা শিক্ষা গ্ৰহণ কৰি ২০২২ ছিজনৰ বাবে ‘প্লেন-বি’ প্ৰস্তুত কৰিছে।
প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱৰ পূৰ্বেই বি চি চি আইয়ে সকলো কেইটা ফ্ৰেঞ্চাইজিৰ লগত বৈঠকত মিলিত হৈ প্লেন- বি প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলাইছে। যদিহে দেশত কোৰোনাৰ পৰিস্থিতি অৱনমিত হয় তেনে প্ৰতিযোগিতাখন কিদৰে আগুৱাই নিব বা কিদৰে সমাপ্ত কৰিব সেই বিষয়ে এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰ হ’ব।
খবৰ অনুসৰি কোভিডৰ ফলত পৰিস্থিতি অধিক অৱনতি হ’লে গুজৰাটৰ আহমেদাবাদ, বৰোদা আৰু ৰোজকোট নতুবা মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুনেত সমগ্ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বিষয়েও বিবেচনা কৰিব এই বৈঠকত। আই পি এলৰ চতুৰ্দশ ছিজন প্ৰথমছোৱা ২০২১ চনত ভাৰতত অনুষ্ঠিত হৈছিল। ২৯ মেচ ভাৰতত অনুষ্ঠিত হোৱাৰ পিছতে কেইবাজনো খেলুৱৈ কোৰোনাত সংক্ৰমিত হৈছিল। ফলত প্ৰতিযোগিতাখন আধাতে স্থগিত ৰাখিবলৈ বাধ্য হৈছিল বি চি চি আই। ইয়াৰ পিছত ছেপ্টেম্বৰ-অক্টোবৰত ইউ.এ.ই.ত বাকী থকা ৩১ খন আই পি এলৰ মেচ অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ২০২০ চনৰ সমগ্ৰ আই পি এল ছিজনটো ইউ.এ.ই.তেই আয়োজন কৰিছিল।