অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীৰ জজ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত মঙলবাৰে সন্ধিয়া বি চি চি আইৰ পেনেল স্ক’ৰাৰ প্ৰয়াত অনুপম দাসক স্মৰণ কৰা হয় । এক অবাঞ্চিত পৰিস্থিতিত অকালতে মৃত্যুক সাৱতি লোৱা অনুপম দাসৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে তেওঁৰ সতীৰ্থ নৱজ্যোতি শৰ্মাই । একেলগে একেটা বৰ্ষতে বি চি চি আইৰ পেনেল স্ক’ৰাৰ হিচাপে উত্তীৰ্ণ হোৱা নৱজ্যোতি শৰ্মাই অনুপম দাসক সোৱঁৰি আবেগিক হৈ পৰে । অনুষ্ঠানত উপস্হিত থাকি উদীয়মান ক্ৰিকেটাৰসকলে চৌপাশে মমবাতি জ্বলাই জজ খেলপথাৰ আলোকিত কৰি তোলে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্হিত থাকে প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰমে ৰাজু ফুকন, মুকুট দাস, দীপ বৰা, নাচিৰ গুল খান, ৰঞ্জিত শৰ্মা, জেহিৰুল হক, বি চি চি আই কিউৰেটৰ মুকুট কলিতা, বাবলু চৌধুৰী, বুলবুল চৌধৰী, অনুপমৰ সৈতে কাম কৰা সতীৰ্থকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক । অনুষ্ঠানটোত প্ৰয়াত অনুপম দাসৰ মাতৃ আৰু ভাতৃকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও সদস্য আজাৰাৰ পৰা গৈ উপস্হিত হয় ।