Sunday, October 2, 2022
HomeNewsযিকোনো পৰিস্থিতিতে আই পি এল অনুষ্ঠিত কৰিবলৈ ব'ৰ্ড বদ্ধপৰিকৰ : গাংগুলী

যিকোনো পৰিস্থিতিতে আই পি এল অনুষ্ঠিত কৰিবলৈ ব’ৰ্ড বদ্ধপৰিকৰ : গাংগুলী

olympiasports.in

কৰ’না মহামাৰীৰ বাবে বিগত মার্চ মাহৰ পৰাই বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে ক্রিকেট প্রতিযোগিতাসমূহো বন্ধ হৈ আছে। এই মহামাৰীৰ বাবেই বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতা ইণ্ডিয়া প্ৰিমিয়াৰ লীগো স্থগিত ৰাখিবলগীয়া হৈছে৷ কিন্তু শেহতীয়াকৈ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ঐশ্বৰ্যশালী প্ৰতিযোগিতাখন যিকোনো প্ৰকাৰে অনুষ্ঠিত কৰাৰ বাবে বিচিচিআই বদ্ধপৰিকৰ বুলি ঘোষণা কৰিছে৷ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ প্ৰসংগত গাংগুলীয়ে কয় যে, চলিত বর্ষৰ ঐশ্বর্যশালী প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে তেওঁলোক আগ্ৰহী। দর্শকবিহীন ষ্টেডিয়ামতো প্রতিযোগিতাখন আয়োজন কৰিবলৈ বিচিচিআই সাজু আছে৷

বিশ্বৰ অন্যতম ঐশ্বৰ্যশালী প্ৰতিযোগিতাখন আয়োজনৰ সন্দর্ভত অচিৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ব’ৰ্ডৰ অন্যন্য বিষয়ববীয়াসকলকো অৱগত কৰাইছে বুলি এক সংবাদ–পত্রত সদৰী কৰিছে৷ বাতৰি অনুসৰি কৰ’না ভাইৰাছৰ বাবে যদি ভাৰতত আইপিএল অনুস্থিত কৰিব নোৱাৰে, তেনে ভাৰতৰ পৰিবৰ্তে অন্য স্থানতো প্ৰতিযোগিতাখন অনুস্থিত কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে বিচিচিআই৷ আনহাতে প্রয়োজন সাপেক্ষে চলিত চিজনৰ আইপিএল দর্শকবিহীন ষ্টেডিয়ামতো অনুষ্ঠিত কৰিবলৈ ব’ৰ্ড সাজু বুলি সভাপতি গাংগুলীয়ে জনাইছে।

উল্লেখ্য যে মঙলবাৰে আইচিচিয়ে টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণৰ পাছতে আইপিএলৰ সময়সূচী নির্ধাৰণ কৰিব পাৰিব বুলি বিচিচিআয়ে আশা ব্যক্ত কৰিছিল যদিও সেয়া সম্ভৱপৰ হৈ নুঠিল৷ কিয়নো, আইচিচিয়ে বিশ্বকাপখনৰ আয়োজনৰ ক্ষেত্রত জুলাই মাহতহে সিদ্ধান্ত ল’ব৷ ফলত ঐশ্বর্যশালী প্রতিযোগিতাখন আয়োজনৰ দিন ঠিক কৰাত পুনৰ সমস্যাত পৰিছে বিচিচিআই৷ এতিয়া টি–২০ বিশ্বকাপখনৰ সময়সূচীক লৈ বাট চাই থাকিব বিচৰা নাই বিচিচিআই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments