Monday, July 4, 2022
HomeNewsআই পি এলত ফিক্সিং : তদন্ত আৰম্ভ কৰিলে বিচিচিআইয়ে

আই পি এলত ফিক্সিং : তদন্ত আৰম্ভ কৰিলে বিচিচিআইয়ে

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ফিক্সিঙৰ ক’লা ছায়াই খেদিছে ক্ৰিকেটক। বহু কোটি টকাৰ টুৰ্ণামেণ্ট আই পি এলত পুনৰ ফিক্সিঙৰ আশংকা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বিচিচিআইয়ে এই সম্পৰ্কে প্ৰায় নিশ্চিত হৈছে। বি চি চি আইৰ এন্টি কৰাপচন এণ্ড চিকিউৰিটি ইউনিট অৰ্থাৎ দুৰ্নীতি দমন সংস্থাই ইতিমধ্যে তদন্ত আৰম্ভ কৰি দিছে এই সম্পৰ্কে।

বিচিচিআইৰ দুৰ্নীতি দমন সংস্থাৰ প্ৰধান তথা ৰাজস্থান আৰক্ষীৰ ডিজিপি অজিত সিঙে এই সম্পৰ্কে জনাইছে যে আই পি এলৰ এগৰাকী ক্ৰিকেটাৰলৈ এজন জুৱাৰীয়ে অনলাইন যোগে এক প্ৰস্তাৱ আগবঢ়াইছে। চলিত আই পি এলত জৈৱ সুৰক্ষা ব্যৱস্থা থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনলাইনযোগে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

ক্ৰিকেটাৰজন ভাৰতীয় নে বিদেশী সেই সম্পৰ্কে অৱশ্যে কোনো তথ্য প্ৰকাশ কৰা নাই বি চি চি আইয়ে। প্ৰস্তাৱ লাভ কৰা ক্ৰিকেটাৰজনে ইতিমধ্যে সেই সম্পৰ্কে দুৰ্নীতি দমন শাখাক জনাইছে।

দুৰ্নীতি দমন শাখাৰ এজন কৰ্মকতাৰ ভাষ্য অনুসৰি উল্লেখযোগ্য কথাটো হৈছে যে যদিও ক্ৰিকেটাৰগৰাকীক ফিক্সিঙৰ প্ৰস্তাৱ দিয়া হৈছিল, তেওঁ সেই সম্পৰ্কে ততাতৈয়াকৈ দুৰ্নীতি দমন শাখাত খবৰ দিয়ে। অনুৰ্ধ-১৯ ৰ খেলুৱৈসকলেও বি চি চি আইৰ দুৰ্নীতি দমন বিৰোধী সমস্ত প্ৰট’কলৰ বিষয়ে জ্ঞাত।

আই পি এল জুৱাৰীৰ এনে তৎপৰতা দেখি বি চি চি আইয়ে সকলো ক্ৰিকেটাৰলৈ সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments