Friday, September 30, 2022
HomeNewsবি চি চি আইয়ে অচিৰেই গ্ৰহণ কৰিব ব্যয় সংকুচন নীতি! কৰ্তন হ'ব...

বি চি চি আইয়ে অচিৰেই গ্ৰহণ কৰিব ব্যয় সংকুচন নীতি! কৰ্তন হ’ব ক্ৰিকেটাৰ, কৰ্মচাৰীৰ দৰমহা

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে লোকচান হ্ৰাস কৰিবলৈ দৰমহা কৰ্তন আৰু ব্যয় সংকুচন নীতি গ্ৰহণ কৰিব পাৰে। এই ইংগিত দিলে ব’ৰ্ডৰ শীৰ্ষতম বিষয়াই। সংবাদ মাধ্যমৰ আগত ব’ৰ্ডৰ এগৰাকী শীৰ্ষতম বিষয়াই কৰা মন্তব্য অনুসৰি আমি এতিয়লৈকে দৰমহা কৰ্তনৰ ওপৰত আলোচনা কৰা নাছিলোঁ। কিন্তু বৈঠকত এইবাৰ আমি এই বিষয়ে আলোচনা কৰিম। সকলো বিষয়ক গুৰুত্ব প্ৰদান কৰি আমি এক সিদ্ধান্ত গ্ৰহণ কৰিম। দৰমহা কৰ্তন আৰু ব্যয় সংকুচনৰ সম্ভাৱনা নিশ্চয় থাকিব।

ইয়াৰ পূৰ্বে ব’ৰ্ডৰ কোষাধক্ষ্য অৰুণ ধুমলেও এই বিষয়ত এক সংকেত প্ৰদান কৰিছিল। তেওঁ কৈছিল যে, আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ ওপৰত বহু কিবাকিবি নিৰ্ভৰ কৰিব। কিয়নো ইয়াৰ ওপৰত বহুত টকা নিৰ্ভৰ কৰিব।

বি চি চি আইৰ পৰা কোৱা হৈছে যে যিহেতু এতিয়া আই পি এল আহিছে গতিকে আমি ইয়াৰ ওপৰত আলোচনা কৰিম। বহুত কিবাকিবি আই পি এলৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰিব। এইবাৰ টাইটেল স্পনচৰৰ পৰাও ২০০কোটি টকা কমকৈ আহিছে। সেয়ে এতিয়া মন দিয়া হ’ব কেনেকৈ লোকচান হ্ৰাস কৰিব পৰা যায়। এতিয়ালৈকে ক্ৰিকেট অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডে ক্ৰিকেটাৰ আৰু ষ্টাফৰ দৰমহা কৰ্তন কৰিছে।

আনহাতে কোষাধক্ষ্য গৰাকীয়ে নিশ্চিত কৰিছে যে খৰছৰ ক্ষেত্ৰত ব’ৰ্ডে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কৈছে কৰ্মচাৰী আৰু বি চি চি আইৰ বিষয়াৰ খৰছৰ ক্ষেত্ৰত কৰ্তন আৰম্ভ কৰা হৈছে। কৰ্মচাৰী আৰু বিষয়াৰ যাত্ৰাৰ খৰছ, হোটেলত থকাৰ খৰছ সকলোতে কৰ্তন কৰা হৈছে আৰু খৰছ হ্ৰাস কৰিবলৈ ধ্যান দিয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments