অলিম্পিয়া প্রতিবেদন
পুনৰ আই পি এলৰ মজিয়াত মেচ ফিক্সিঙৰ চর্চা। ক্ৰিকেটৰ ব্যাধি মেচ ফিক্সিঙৰ কথাই পুনৰ স্থান লাভ কৰিছে বি চি চি আইৰ মঞ্চত। ইউনাইটেড আৰব এমিৰাটছত সম্প্ৰতি চলি আছে চতুৰ্দশ সংখ্যক ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ। কৰ’না মহামাৰীৰ বাবে ভাৰতৰ পৰা স্থানান্তৰিত হোৱা ক্ৰিকেটৰ মেগা ইভেণ্টখনক লৈ ক্ৰিকেটপ্ৰেমীৰ আগ্ৰহৰ সীমা নাই। বিশ্বৰে আগশাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল সম্প্ৰতি সাঙোৰ খাই পৰিছে মেচ ফিক্সিঙৰ দৰে মহাব্যাধিৰ সৈতে। নাম সাঙোৰ খাইছে পঞ্জাৱৰ তাৰকা ক্ৰিকেটাৰ দীপক হুদাৰ। সামাজিক মাধ্যমত এখন বিশেষ ফটো প্ৰকাশ কৰি সম্প্ৰতি বি চি চি আইৰ দুৰ্নীতি বিৰোধী গোটৰ কাঢ়া নজৰত প্ৰতিভাশালী ক্ৰিকেটাৰ হুদা।
মংগলবাৰে, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল পঞ্জাৱ কিংছ। মেচখনৰ প্ৰায় ৬ ঘণ্টাৰ আগতেই পঞ্জাৱৰ ক্ৰিকেটাৰ দীপক হুদাই ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল এখন বিশেষ ফটো। ফটোখনত ক্ৰিকেটাৰগৰাকীক হেলমেট পৰিধান কৰা দেখা গৈছিল। ফটোৰ কেপছনত তেওঁ লিখিছিল ‘আমি সাজু’। অৰ্থাৎ উক্ত ফটোৰ জৰিয়তে দীপক হুদাই যে পঞ্জাৱ কিংছৰ মূল দলত স্থান লাভ কৰিছে সেই কথাৰ উমান পোৱা গৈছিল।
কিন্তু মেচৰ পূৰ্বে মূল একাদশৰ নাম এনেদৰে খেলুৱৈয়ে প্ৰকাশ কৰাটো আই পি এলত নীতি বহিৰ্ভূত। আই পি এলৰ নীতি নিৰ্দেশনাত খেলুৱৈয়ে সামাজিক মাধ্যমত কোনবোৰ কথা প্ৰকাশ কৰিব আৰু কোনবোৰ নকৰিব তাৰ স্পষ্ট উল্লেখ আছে। দীপক হুদাই স্পষ্ট ৰূপত সেই নীতি নিৰ্দেশনা অমান্য কৰাৰ বাবে এতিয়া সন্দেহ ঘনীভূত হৈছে। ক্ৰিকেটাৰগৰাকীৰ এই কাণ্ডক সহজভাৱে লোৱা নাই বি চি চি আইয়েও। বি চি চি আইৰ দুৰ্নীতি বিৰোধী গোটে সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে।
উল্লেখযোগ্য যে উক্ত মেচখনত হুদা শূণ্যতে আউট হোৱাৰ লগতে ২ অভাৰত ৩৭ ৰান ব্যয় কৰি এটাও উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাছিল। মেচখনত পঞ্জাৱ কিংছ নাটকীয়ভাৱে ২ ৰানত পৰাস্ত হৈছিল।