আমি সকলোৱে জানোঁ মানুহৰ দুটা কিডনী থাকে। তাৰে এটা যদি বিকল হয় বা কিডনিৰ কিবা অসুখ হয় তেনে সাধাৰণ মানুহৰ বাবে এয়া চিন্তাৰ বিষয়ে নহয় চৰম দুচিন্তাৰ কাৰণ হৈ পৰে। এনে পৰিস্থিতিত আপুনি ভাবি চাওঁকচোন যদি আপুনি সকলো কাম ঠিকেই কৰি আছে, দিনটো কোনো এখন বৃহৎ প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰি তুলিবলৈ অশেষ কষ্ট কৰিছে আৰু তাৰ মাজতেই আপুনি জানিবলৈ পাইছে যে আপোনাৰ এটা কিডনীহে আছে। কেনে অৱস্থা হ’ব বাৰু?
এগৰাকী এথলিটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ কিমান কষ্ট স্বীকাৰ কৰিবলগীয়া হয় সেয়া সহজেই অনুমেয়। এইদৰে কঠোৰ অনুশীলন, কষ্ট কৰিবলৈ দেহাটো সুস্থ হৈ থকাটো অতি প্ৰয়োজন। যদি দেহাটোৰ যিকোনো এটা অংগ বিকল হয় তেনে হয়টো সফলতা প্ৰাপ্তিৰ পথত হেঙাৰ সৃষ্টি হ’ব পাৰে বা অধিক কষ্টৰ স্বীকাৰ কৰিবলগীয়া হ’ব পাৰে।
ভাৰতীয় সফল মহিলা এথলিট তথা অলিম্পিয়ান অঞ্জু ববী জৰ্জৰ শেহতীয়া এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এথলিট গৰাকীৰ মন্তব্য অনুসৰি তেওঁৰ দেহত মাত্ৰ এটা কিডনী হে আছে। ২০০২ চনৰ কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতেই তেওঁ গম পাইছিল তেওঁৰ দেহত এটা কিডনী হে আছে।
২০০২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰাৰ সফলতাৰ বাবে অঞ্জুক কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত কৰা হৈছিল। সেই অনুসৰি তেওঁ প্ৰতিযোগিতাকখনৰ বাবে কঠোৰ অনুশীলনত নামি পৰিছিল। প্ৰতিযোগিতাখনলৈ কেইটামান দিন থকাৰ সময়তে শাৰীৰিক অসুস্থতাত ভূগিছিল অঞ্জু। ইয়াৰ পিছতে অঞ্জুৱে জানিবলৈ পাৰে যে তেওঁৰ দেহত এটা কিডনী হে আছে।
“মই বহুত ভয় খাইছিলোঁ, কিন্তু দেশৰ বাবে পদক জয় কৰিবলৈ বিচাৰিছিলোঁ। সেইবাবে সুযোগ হেৰুৱাব বিচৰা নাছিলোঁ। মই নিজকে বুজালো যে ইমান ট্ৰেইনিং কৰিছোঁ, এতিয়া হাৰ নামানো। ক’চ আৰু অভিভাৱকে মোৰ সাহস বঢ়ালে। আৰু কমনৱেলথ গেমছত হাইজাম্পত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সফল হ’লো। ইয়াৰ পিছত মোৰ আত্ম বিশ্বাস বাঢ়িল। চৰকাৰ আৰু এথলেটিকছ ফেডাৰচনেও মোক সহায় কৰিলে।” – নিজৰ প্ৰসংগত এইদৰে কয় সঞ্জু ববী জৰ্জে।
মনকৰিবলগীয়া যে একেটে বৰ্ষতে সঞ্জুৱে এছিয়ান গেমছত স্বৰ্ণ পদক, ২০০৩ বৰ্ষত ইতিহাস সৃষ্টি কৰি প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলিট হিচাপে পেৰিছ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিযোগিতাখনৰ ২০ দিন পূৰ্বে পুনৰ অসুস্থ হৈ পৰিছিল অঞ্জু ববী। চিকিৎসকৰ চিকিৎসাৰ অন্তত তেওঁক ৬ মাহৰ বেড ৰেষ্টত থাকিবলৈ পৰামৰ্শ দিছিল। কিন্তু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপখনত দেশক প্ৰতিনিধিত্ব কৰাৰ হেপাঁহ থকাৰ বাবেই মাত্ৰ ২০ দিনতে নিজকে সুস্থ কৰি তুলি প্ৰতিযোগিতাখনত ভাগ ল’লে অঞ্জুৱে। আৰু ইতিহাস সৃষ্টি কৰি দখল কৰিলে ব্ৰঞ্জৰ পদক।
এটা কিডনী নথকাৰ বাবেই অঞ্জু ববীয়ে বেছিকৈ তৰল খাদ্য গ্ৰহণ কৰিবলগীয়া হয়। অন্যান্য এথলিটতকৈ নিজকে কিছু বেছিকৈ যত্ন ল’ব লাগে অঞ্জুৱে। খাদ্যৰ পৰা আৰম্ভ কৰি সকলো দিশ অন্যান্য এথলিটতকৈ কিছু পৃথককৈ চাবলগীয়া হয়।
কৰ’না ভাইৰাছৰ বাবে বৰ্তমান জুনিয়ৰ এথলিটসকল অনুশীলন শিবিৰলৈ নহাৰ লগতে অভিভাৱক সকলে অনুশীলনৰ বাবে নিজ সন্তানক পঠিয়াবলৈ ভয় কৰাৰ বাবে তেওঁ কয় যে, “কৰ’নাৰ বাবে ভয় কৰাৰ প্ৰয়োজন নাই। তাৰ পৰিবৰ্তে সাৱধান হোৱা আৰু ফিটনেছৰ ওপৰত ধ্যান দিয়াটোহে জৰুৰী। এতিয়া ময়ো সাৱধান হৈছোঁ। ফিটনেছৰ ওপৰত গুৰুত্ব দিওঁ। সদায় একাডেমীলৈ গৈ এথলিটৰ মুখামুখি হও। মই ভাবোঁ আমি কোনো বস্তুলৈ ভয় কৰিব নালাগে। সাৱধান হৈ থকাটোহে জৰুৰী। আমাৰ শৰীৰো পৰিবেশৰ লগত এডজাষ্ট হৈ যায়।”