Monday, October 3, 2022
HomeNewsছয় হাজাৰতকৈ অধিক কৰ'নাত আক্ৰান্ত:তথাপি চলি আছে ফুটবল,ৰাষ্ট্ৰপতিয়েও খেলিছে হকী

ছয় হাজাৰতকৈ অধিক কৰ’নাত আক্ৰান্ত:তথাপি চলি আছে ফুটবল,ৰাষ্ট্ৰপতিয়েও খেলিছে হকী

olympiasports.in

  • পূৰ্বেৰ তিনিখন ইউৰোপ ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ টুৰ্কমেনিস্তান, টাজিকিস্তান আৰু বেলাৰুছত আজিও অব্যাহত আছে ফুটবল প্ৰতিযোগিতা।
  • খোদ বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেনক’ই যোৱা মাহত ভাগ লৈছিল আইছ হকীত।

কি ধাতুৰে গঢ়া বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেনক’? ঠিক এই প্ৰশ্নই আপোনাৰ মনলৈ আহিব ৰাষ্ট্ৰপতিগৰাকীৰ কৰ্মকাণ্ডৰ কথা শুনিলে। আজৱ দেশ, আজৱ শাসনকৰ্তা। যি সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই কৰ’নাৰ দ্বাৰা প্ৰভাৱিত হৈছে,সেই সময়ত বেলাৰুছো কৰোনাৰ সংহাৰ পৰা হাত সাৰিব পৰা নাই।

দেশখনত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৬০০০ অতিক্ৰম কৰিছে। এই পৰ্যন্ত কৰোনাৰ দ্বাৰা মৃত্যু হৈছে ৫১ জনৰ। ইমানৰ পিছতো দেশখনত অনুষ্ঠিত হৈ আছে ফুটবল চেম্পিয়নশ্বিপ। মহিলাৰ ফুটবল খেলসমূহ বাতিল কৰা হৈছে যদিও পুৰুষৰ ফুটবল চেম্পিয়নশ্বিপ আজিও অনুষ্ঠিত হৈ আছে বেলাৰুছত। বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেনক’ই সম্পূৰ্ণ লকডাউনৰ বিৰোধিতা কৰাই নহয় নিজেও যোৱা মাহত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত আইচ হকী খেলিছিল।

“চেম্পিয়নশ্বিপখন বাতিল কৰাৰ কোনো বাস্তৱ ভিত্তি নাই।” দেশখনৰ ক্ৰীড়া মন্ত্ৰী চাৰগেই ক’ভালশ্ব’কে পুৰুষৰ ফুটবল চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰাৰ বিষয়ত এনেদৰে কয়।

অৱশ্যে দেশখনত কৰোনাৰ বৰ্ধিত ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ফুটবলপ্ৰেমী দৰ্শক নিজেই ষ্টেডিয়াম যোৱাৰ পৰা বিৰত আছে। ১৬ টাকৈ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত চেম্পিয়নশ্বিপখনৰ দৰ্শকৰ সংখ্যা বিগত দিনকেইটাত সত্তৰ শতাংশ হ্ৰাস পাইছে।

“এইকেইদিন ফুটবল অনুৰাগীৰ সংখ্যা সত্তৰ শতাংশ কমিছে। কোনেও ষ্টেডিয়ামলৈ যাবলৈ কাকো বাধ্য কৰা নাই। কোনোবাই ইচ্ছা কৰিলে যাব পাৰে অথবা নাযাবও পাৰে।” ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments