Friday, August 12, 2022
HomeNewsবেলতলা কলেজত সমৰকলা প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

বেলতলা কলেজত সমৰকলা প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন

সমৰকলা প্ৰশিক্ষণত ব্যস্ত এজাক কলেজীয়া ছাত্ৰী ।আত্মসুৰক্ষাৰ জৰিয়তে নিজকে প্ৰস্তুত কৰি তুলিছে ছাত্রীসকলে।বেলতলা মহাবিদ্যালয়ৰ মহিলাকোষৰ আদৰণীয় পদক্ষেপ ।সপ্তাহজোৰা সমৰকলা প্ৰশিক্ষণত অংশ ল’লে বেলতলা কলেজৰ ছাত্রীসকলে।

চলিত মাহৰ ১২ নৱেম্বৰৰ পৰা বেলতলা মহাবিদ্যালয়ত মহিলাকোষৰ উদ্যোগত আৰু আই টি এফ টাং চু-ডু স্পৰ্টছ এছ’চিয়েচন অৱ আছামৰ সহযোগত অনুষ্ঠিত হয় এক সমৰকলা প্ৰশিক্ষণ শিবিৰ । এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে থাকে অসম টাং চু-ডু সন্থাৰ সম্পাদক দেৱজিৎ গগৈ আৰু অসম টাং চু-ডুৰ মহিলা কোষৰ মূখ্য তত্বাৱধায়ক বৰ্ণালী গগৈ । শিবিৰৰ সামৰণি অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলি হাজৰিকাক ।প্ৰশিক্ষক দেৱজিৎ গগৈয়ে বেলতলা কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে আৰব সাগৰৰ বুকুত সাঁতুৰি অভিলেখ সৃষ্টি কৰা সন্তৰণবিদজনক শুভেচ্ছা জনায় ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত । তেওঁ মহাবিদ্যালয়খনে গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ লোৱাৰ লগতে ছাত্রীসকলক এনে প্ৰশিক্ষণৰ দ্বাৰা বাস্তৱৰ সৈতে সন্মুখীন হ’বলৈ উপযোগী কৰি তুলিব বুলি মন্তব্য কৰে।এনে প্ৰশিক্ষণে ছাত্রীসকলক ভৱিষ্যতৰ দিনত আত্মসুৰক্ষাৰ দিশত সহায় কৰিব বুলি মতপোষণ কৰে অসম টাং চু-ডুৰ মহিলা কোষৰ মুখ্য তত্বাৱধায়ক বৰ্ণালী গগৈয়ে ।

আনহাতে এনে প্ৰশিক্ষণত শিবিৰৰ জৰিয়তে কিছু সফল হোৱা বুলি উল্লেখ কৰে মহাবিদ্যালয়খনৰ মহিলাকোষৰ সদস্যা ৰশ্মিৰেখা হাজৰিকাই ।এনে পদক্ষেপত উৎসাহিত হৈ বাকী মহাবিদ্যালয় সমূহেও এনে শিবিৰ পাতিবলৈ আগ্ৰহী বুলি জনাইছে মহিলাকোষৰ সদস্যাগৰাকীয়ে।

এই সামৰণি অনুষ্ঠানতে প্ৰশিক্ষণ শিবিৰত অংশ লোৱা ছাত্রীসকলক মান পত্র প্ৰদান কৰি উৎসাহ প্ৰদান কৰা হয় ।বেলতলা মহাবিদ্যালয়ত সমৰকলাৰ চৰ্চাৰ হৈছে সুন্দৰ আৰম্ভণি ।ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব–অনাগত দিনত এনে প্ৰশিক্ষণে প্ৰতি স্কুল-কলেজক স্পৰ্শ কৰক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments