Wednesday, July 6, 2022
HomeNewsপ্ৰাক্তন ক্ৰিকেটাৰ তথা বেংগলৰ ক্ৰীড়ামন্ত্ৰী লক্ষ্মীৰতন শুক্লাৰ পদত্যাগ

প্ৰাক্তন ক্ৰিকেটাৰ তথা বেংগলৰ ক্ৰীড়ামন্ত্ৰী লক্ষ্মীৰতন শুক্লাৰ পদত্যাগ

অলিম্পিয়া প্ৰতিবেদন

পশ্চিমবংগৰ ৰাজনীতিত এতিয়া পদত্যাগৰ জোৱাৰ। বিশেষকৈ শাসকীয় দল তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ ধুম উঠা পৰিলক্ষিত হৈছে ৰাজ্যখনত। মঙ্গলবাৰে মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে প্রাক্তন ক্রিকেটাৰ তথা পশ্চিমবংগৰ যুৱ কল্যান আৰু ক্রীড়া বিভাগৰ ৰাজ্যিক মন্ত্রী লক্ষ্মীৰতন শুক্লাই।

ৰাজ্যখনৰ পৰিবহণমন্ত্রী শুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্রেছ এৰি বিজেপিত যোগদান কৰাৰ মাত্র এটা পষেকৰ পিছতেই লক্ষ্মীৰতন শুক্লাই মন্ত্রিত্ব ত্যাগ কৰা বিষয়টোক লৈ ব্যাপক চর্চা চলিছে ৰাজ্যখনত৷ ইতিমধ্যে শুক্লাই পদত্যাগ পত্র মুখ্যমন্ত্রী মমতা বেনার্জীক আৰু ইয়াৰ প্রতিলিপি ৰাজ্যপাল জগদ্বীপ ধনখৰলৈ প্রেৰণ কৰিছে৷

ৰাজনীতিৰ পৰা অৱসৰ গ্রহণৰ ইচ্ছা প্রকাশ কৰা বুলি পদত্যাগ পত্রত উল্লেখ কৰিছে পশ্চিমবংগ ৰঞ্জি ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ৩৯ বছৰীয়া শুক্লাই । হাওৰা (উত্তৰ) সমষ্টিৰ বিধায়ক শুক্লাই পুনৰ খেলত মনোনিৱেশ কৰিব বিচাৰিছে বুলিও একাংশ মহলে দাবী কৰিছে৷ লক্ষণীয়ভাৱে শুক্লাই মন্ত্রিত্ব ত্যাগ কৰিছে যদিও বিধায়ক পদ ত্যাগ কৰা নাই৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments