Friday, September 30, 2022
HomeNewsপুনৰ আই পি এলত ৰিয়ান,জুবিনৰ শুভেচ্ছা।

পুনৰ আই পি এলত ৰিয়ান,জুবিনৰ শুভেচ্ছা।

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ উদীয়মান ক্ৰিকেট প্ৰতিভাসমূহৰ ভিতৰত অন্যতম অসম সন্তান ৰিয়ান পৰাগ ।আই পি এলত ৰিয়ানৰ উত্থানৰ কাহিনী সৰ্বজনবিদিত ।ৰাজস্থান ৰয়েলছৰ হৈ বিগত দুটাকৈ চিজনত ৰিয়ানৰ বেটৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ ইংনিছ ।পূৰ্বৰ দৰে এইবাৰো ৰিয়ানৰ পৰা উন্নত প্ৰৰ্দশন আশা কৰিছে অসমৰ ক্ৰীকেটপ্ৰেমীয়ে।মংগলবাৰে আই পি এলৰ দ্বিতীয় লীগৰ প্ৰথমখন মেচত অৱৰ্তীন হ’ব ৰাজস্থান ৰয়েলছ।মংগলবাৰৰ মেচখনৰ প্ৰতি বিশেষভাবে দৃষ্টি নিবদ্ধ থাকিব অসমৰ ক্ৰিকেট প্ৰেমীৰ ।কিয়নো এইখন মেচত অৱৰ্তীন হোৱাৰ কথা অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগ ।
ডুবাইত এতিয়া আই পি অলৰ মহাজ্বৰ।১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় লীগৰ মেচসমূহ উপভোগ কৰিছে দেশৰ কোটি কোটি জনতাই।দ্বিতীয় লীগৰ প্ৰথমখন খেলাত মুখামুখি হ’ল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিঙছ।মংগলবাৰে পাঞ্জাৱ কিংছৰ বিপক্ষে অৱতীৰ্ণ হ’ব লগা মেচখনত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগে কেনে প্ৰৰ্দশন কৰে তাক চাবলৈ এতিয়া গভীৰ উৎকণ্ঠাৰে বাট চাইছে অসমবাসীয়ে।


সাধাৰণতে প্ৰতিবাৰ আই পি এলত ৰিয়ানক দেখা পেৱা যায় এক ব্যতিক্ৰমী ৰূপত।কঁকালত ৰিয়ানে ব্যৱহাৰ কৰে গামোচাৰ ৰুমাল।জয়ৰ পিছত ফিল্ডতে প্ৰৰ্দশন কৰে অসমৰ বিহু নৃত্য।ৰিয়ানৰ বিহু নৃত্যই আপ্লুত কৰি আহিছে দেশৰ বহু ক্ৰিকেট তাৰকাৰ লগতে দেশবাসীক।
মংগলবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাৰ লগে লগেই পাঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছ নামিব ক্ৰীকেটৰ মহাৰণত।


ইপিনে অসম সন্তান ৰিয়ান পৰাগক খেলাৰ আগমুহুৰ্তত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে জনাইছে শুভেচ্ছা ।ৰাজস্থান ৰয়েলছৰ টি-চাৰ্ট পৰিধান কৰি ৰাজস্থান ৰয়েলছৰ পক্ষত থকাৰ কথা সামাজিক মাধ্যম যোগে ব্যক্ত কৰে হাৰ্টথ্ৰব গৰাকীয়ে। আনহাতে, জুবিন গাৰ্গৰ পত্নী তথা ৰাজ্যৰ বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গেও ৰিয়ানলৈ যাচিলে শুভকামনা ।ৰাজস্থান ৰয়েলছৰ পক্ষত গৰিমা শইকীয়া গাৰ্গ।ইপিনে, জুবিন-গৰিমাৰ সমান্তৰালকৈ অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ো সামাজিক মাধ্যমত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জনাইছে শুভেচ্ছা ।


এইদৰেই দেশবাসীৰ লগতে অসমৰ ক্ৰিকেট প্ৰেমীও ৰিয়ান পৰাগক যাচিছে শুভেচ্ছা ।ক্ৰিকেটপ্ৰেমীৰ আশা আই পি অলৰ মহাৰণত ৰিয়ানে দাঙি ধৰক উন্নত প্ৰৰ্দশন ।প্ৰতিপক্ষক হট বেটিং শ্বটেৰে দিয়ক শক্তিশালী প্ৰত্যুত্তৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments