Tuesday, October 4, 2022
HomeNewsঅৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

অসম চৰকাৰে বীৰ চিলাৰায়ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰি অহা বীৰ চিলাৰায় বঁটা এইবাৰ আগবঢ়াইছে ৰাজ্যখনৰ প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ। ৯ ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ অই টি আই খেল পথাৰত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰবীন খেলুৱৈ গৰাকীক প্ৰদান কৰা হ’ব। বঙাইগাঁও প্ৰশাসন আৰু কোঁচৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ সহযোগত অনুষ্ঠিত হবলগীয়া অসম চৰকাৰৰ অনুষ্ঠানটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰিব। বঁটাটোৰ লগত আছে নগদ তিনি লাখ টকা, এখন প্ৰশস্তি প্ৰত্ৰ আৰু এখনি অংগবস্ত্ৰ। ১৯৩৭ চনৰ তিনি ছেপ্তেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা প্ৰবীন এথলীট গৰাকীয়ে ১৯৬০ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। ১৯৬৩ চনত তেওঁ নতুন দিল্লীত আয়োজিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত প্ৰথম, ১৯৬৪ চনত শ্ৰীলংকা অপেনত চাৰিশ আৰু আঠশ মিটাৰ প্ৰথম স্থান, চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা াৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪-৬৫ চনৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক, ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত আঠশ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া ৰূপে পৰিগণিত হয়। ১৯৬৭ চনত অৰ্জুন বঁটা লাভ কৰা এই প্ৰবীন ক্ৰীড়াবিদ গৰাকী সুদীৰ্ঘ ৫০ বছৰ ধৰি অৰ্জুন বঁটা সমিতিৰ নিৰ্বাচক হিচাপে কাৰ্যনিৰিবাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ অল ইণ্ডিয়া কাউন্সিল অৱ স্প’ৰ্টছ অৰু ৰাষ্ট্ৰীয় এথলেটিকছ দলৰ নিৰ্বাচক কমিটিৰ দায়িত্বও পালন কৰিছে। এই গৰাকী ক্ৰীড়া বিদৰ জন্ম দিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে পালন কৰি অহা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিবলৈ ওলোৱা এই বছৰৰ বীৰ চিলাৰায় বঁটা প্ৰদান অনুষ্ঠান ৯ ফ্ৰেব্ৰুৱাৰীৰ দিনৰ ১২ বজাত অনুষ্ঠিত হব। যত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments