Wednesday, October 5, 2022
HomeNewsৰোল বল লীগৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন

ৰোল বল লীগৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন

অসমৰ ক্ৰীড়া ইতিহাসত পোন প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰোল বল ছুপাৰ লীগৰ নিলাম প্ৰক্ৰিয়া কালি গুৱাহাটীৰ হোটেল অতিথিত সম্পন্ন হৈ যায়। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় এশগৰাকী খেলুৱৈৰ মাজত হোৱা এই নিলাম প্ৰক্ৰিয়াত লীগখনত অংশ ল’বলগীয়া ৭ টাকৈ দলৰ প্ৰশিক্ষক, স্বত্বাধিকাৰীকে আদি কৰি আন বিষয়ববীয়াসকলে ভাগ লয়। এই নিলাম প্ৰক্ৰিয়াত অসমৰ তাৰকা ৰোল বল খেলুৱৈ ৰিয়ান আলীক সৰ্বোচ্চ ৬৩,৫০০ পইণ্টৰে মাইটি টাস্কাৰ্ছ দলে ক্ৰয় কৰে। দ্বিতীয় সৰ্বোচ্চ ৫৫,০০০ পইণ্টেৰে উত্তৰ প্ৰদেশৰ প্ৰজ্বলক ক্ৰয় কৰে ৰোৰিং টাইগাৰ্ছে। তাৰ বিপৰীতে অসমৰ আন এগৰাকী তাৰকা খেলুৱৈ বি পি হিন্দুক তৃতীয় সৰ্বোচ্চ ৪২,০০০ পইণ্টেৰে ক্ৰয় কৰে চার্জিঙ ৰাইনোজে।


ইয়াৰ লগতে টেহছিন তমন্না, ৰিয়ান কপিঞ্জল, শ্রেয়াংশ, কৃষ্ণাঙ্ঘা দাস, অক্ষিতা, ধ্ৰুৱ শ্বাহ, মৃদাং পাটোৱাৰী আদি খেলুৱৈসকলকো বিভিন্ন দলে উচিত পইণ্টত ক্ৰয় কৰে। উল্লেখযোগ্য যে সাতটা দলৰ সাতগৰাকী প্ৰশিক্ষক হৈছে ক্ৰমে, চার্জিঙ ৰাইনোজৰ বি এ কাৰ্গিল, মাইটি টাস্কাৰ্ছৰ এপলক বৰুৱা, ৰোৰিং টাইগাৰ্ছৰ ৰামু বৰদলৈ, স্মেছিং বাফেল’ছৰ সঞ্জীৱ কুমাৰ, ফ্লায়িং হৰ্ণবিলছৰ স্বপন পাল আৰু অনুৰাগ বাছফৰ, ফেৰ’ছিয়াছ বিশ্বনৰ উকীল ৰয় আৰু চেজিং সম্ভাৰ্ছৰ শ্ৰীকান্ত শাহু

দলকেইটাৰ স্বত্বাধিকাৰীসকল হৈছে ক্ৰমে

  • চার্জিঙ ৰাইনোজ- চৰিতা যাদৱ এণ্ড গ্ৰুপ
  • মাইটি টাস্কাৰ্ছ- বৰুণ ৰুংটা গ্ৰুপ
  • ৰোৰিং টাইগাৰ্ছ- খগেন কলিতা এণ্ড গ্ৰুপ
  • স্মেছিং বাফেল’ছ- প্ৰণৱ ভূঞা
  • ফ্লায়িং হৰ্ণবিলছ- ডিম্বেশ্বৰ ঠাকুৰীয়া এণ্ড গ্ৰুপ
  • ফেৰ’ছিয়াছ বিশ্বন-মণিপুৰ ৰোল বল এচ’চিয়েচন।
  • চেজিং চম্ভাৰ- পি ই ডব্লিউ এছ গ্ৰুপ অফ ইনষ্টিটিউছন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments