Wednesday, October 5, 2022
HomeNewsগৃহস্থই আগবঢ়াই দিয়া শৰাইখনৰ ওপৰতেই নিৰ্ভৰ কৰিছিল হিমাৰ আৰ্শীবাদ

গৃহস্থই আগবঢ়াই দিয়া শৰাইখনৰ ওপৰতেই নিৰ্ভৰ কৰিছিল হিমাৰ আৰ্শীবাদ

যিকেইখন ঘৰে দুটকা বা পাঁচটকা আগবঢ়াই দিছিল তেওঁলোকে হিমাৰ দলটোৰ পৰাও আশীৰ্বাদো নামতহে পাইছিল। যিসকলে ১০ টকা বা তাতোকৈ বেছি ধন আগবঢ়াইছিল তেওঁলোকক হিমা আৰু তেওঁৰ দলটোৱে আশীৰ্বাদেৰে উপচাই পেলাইছিল। বাৰীৰ তামোল-পানৰ পৰা পুখুৰীৰ মাছ, ভৰালৰ ধান ভৰি থাকিবলৈ আশীৰ্বাদ দিছিল হিমাই।

✍️ তুষাৰ প্ৰতিম

olympiasports.in

লকডাউনৰ বাবে বন্ধ হৈ আছে সকলো। স্তব্ধ হৈ আছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰ। দেশৰ বিভিন্ন স্থানত বহু অসমীয়া খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল যদিও বৰ্তমান প্ৰায় সংখ্যকেই আছেহি নিজৰ ঘৰত। বছৰটোৰ প্ৰায় সংখ্যক সময়তেই ঘৰৰ পৰা, ৰাজ্যৰ পৰা, দেশৰ পৰা বাহিৰত থকা এইসকল অসমীয়া খেলুৱৈয়ে নিজৰ ক্ৰীড়া জীৱনৰ স্বাৰ্থত অসমীয়াৰ প্ৰাণ ৰঙালী বিহু উপভোগ কৰাৰ পৰা বিৰত থাকিবলগীয়া হয়। এইবাৰ অৱশ্যে ৰঙালীৰ ৰঙ নাথাকিলেও বা ৰাজহুৱাকৈ বিহু উদযাপন নকৰিলেও সকলো অসমীয়াই নিজৰ গৃহতেই সাধ্যনুসৰি বিহু উদযাপন কৰিব। সেয়ে নিজ গৃহলৈ ঘূৰি অহা বহু অসমীয়া খেলুৱৈয়ে এইবাৰ বিহুৰ দিন কেইটা ঘৰতেই কটাবলৈ পাৰিব। অৱশ্যে বিগত পাঁচবছৰৰ দৰে এইবাৰো বিহুৰ দিন কেইটাত পৰিয়ালৰ লগত সময় পাৰ কৰিবলৈ সুযোগ নাপাব ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে।

সমগ্ৰ দেশ লকডাউন হোৱাৰ বাবে হিমা এতিয়া পাটিয়ালাস্থিত এন আই এছত আৱদ্ধ হৈ আছে। তাতেই গৃহবন্দী হৈ সময় পাৰ কৰিছে হিমাই। এই লকডাউনৰ সময়চোৱাত হিমাই কেতিয়াবা যদি তেওঁৰ প্ৰিয় শিল্পী জুবিনৰ গান গাই সময় পাৰ কৰিছে আন কেতিয়াবা আকৌ ছবি আঁকি সময় পাৰ কৰিছে হিমাই। ইয়াৰ মাজতেই আকৌ হিমাই চচিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈও প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰোপৰি হিমাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত ভিডিঅ’ কন্ফাৰেন্সৰ জৰিয়তে শেহতীয়াকৈ সৃষ্টি হোৱা দেশৰ পৰিবেশৰ বিষয়ত আলোচনাত লিপ্ত হৈছে। অৱশ্যে পাটিয়ালাস্থিত এন আই এছত আৱদ্ধ হৈ থকা হিমা আৰু আৰু তেওঁৰ সহযোগী এথলিটসকলে দিনটোত অন্ততঃ দুঘণ্টা অনুশীলন কৰিবলৈ অনুমতি বিচাৰি ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়লৈ আৱেদন জনাইছে। যিহেতু পাটিয়ালাস্থিত এন আই এছত যি কোনো বাহিৰা ব্যক্তিৰ প্ৰবেশ নিষিদ্ধ আছে সেয়েহে হিমা আৰু তেওঁৰ সহযোগীসকলৰ এই আৱেদনৰ প্ৰতি সহাৰি জনোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

ক’ৰনা ভাইৰাছৰ আতংকৰ বাবে ঘোষণা কৰা লকডাউন উঠিব ১৫ এপ্ৰিলত। সেই দিনটোৰ পৰাই আৰম্ভ হ’ব আকৌ অসমীয়াৰ প্ৰাণ ৰঙালী বিহু। পিছে বিগত পা‍ঁচ বছৰৰ দৰে এইবাৰো বিহুত ঘৰৰ পৰা আতৰি থাকিব লাগিব হিমা।

ৰঙালী বিহুৰ আগমন ঘটিলে এসময়ত গা সাতখন-আঠখন কৰিছিল হিমাৰ। বিহুৰ দুদিন আগৰেপৰা বিহুৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল হিমাই। মাহ, হালধি গাত ঘঁহি, মাখিয়তি বিচাৰি আনি বিহুলৈ সাজু হৈছিল হিমা। গৰু বিহুৰ সকলো নীতি-নিয়ম পালন কৰি সমনীয়াৰ লগত ওলাই গৈছিল ‘কান্ধুলিমাৰী’ গাওঁখনলৈ হুঁচৰি গাবলৈ। হিমাৰ হুঁচৰিৰ দলটোৰ দলপতি হিমাই আছিল। গৃহস্থই আগবঢ়াই দিয়া ধনো ৰাখিছিল হিমাই। গাঁৱৰ যিকেইখন ঘৰে দুটকা বা পাঁচটকা আগবঢ়াই দিছিল তেওঁলোকে হিমাৰ দলটোৰ পৰাও আশীৰ্বাদো নামতহে পাইছিল। যিসকলে ১০ টকা বা তাতোকৈ বেছি ধন আগবঢ়াইছিল তেওঁলোকক হিমা আৰু তেওঁৰ দলটোৱে আশীৰ্বাদেৰে উপচাই পেলাইছিল। বাৰীৰ তামোল-পানৰ পৰা পুখুৰীৰ মাছ, ভৰালৰ ধান ভৰি থাকিবলৈ আশীৰ্বাদ দিছিল হিমাই। বুধিয়ক হিমাই দলটোৰ সকলো সদস্যৰ ঘৰত হুঁচৰি গাই একেবাৰে শেষত হিমাৰ নিজৰ ঘৰত আহি হুঁচৰি গাইছিল। ইয়াৰো আছে এক কাৰণ। হুঁচৰি দলটোৰ অন্যান্য সদস্য সকলৰ ঘৰত কেইটকা দিছিল হিমাই মনত ৰাখিছিল। যদি কাৰোবাৰ ঘৰত দুটকা দিছিল তেনে হিমায়ো সিহঁতৰ ঘৰৰ পৰা দুটকাহে দিবলৈ ৰাজি আছিল। হুঁচৰিৰ শেষত কেতিয়াবা তেওঁলোকে পোৱা ধনেৰে ভোজ খাইছিল আন কেতিয়াবা আকৌ ভগাই লৈছিল।

শৈশৱৰ হিমা (নীলা পোচাক পিন্ধি থকা কণমানি ছোৱালীজনী)

অৱশ্যে সময় সলনি হ’ল। হুঁচৰি গাই ভালপোৱা হিমাজনী এতিয়া নিজৰ ক্ৰীড়াক লৈ ব্যস্ত থাকিব লাগে। প্ৰায় পাঁচবছৰ ধৰি বিহুত নিজৰ ঘৰখনৰ লগতে অসমলৈ আহিব পৰা নাই হিমা। ব্যতিক্ৰম নহয় এইবছৰো। লকডাউনৰ বাবে অনুশীলন বন্ধ হৈ থাকিলেও হিমা এতিয়া গৃহবন্দী হৈ থাকিবলগীয়া হৈছে পাটিয়ালাস্থিত এন আই এছতে। বিহুৰ সময়ত শৈশৱৰ সেই সোণালী দিনবোৰলৈ আজিও মনত পৰে হিমাৰ। হিমাৰ আশা এসময়ত আকৌ আহি সমনীয়াৰ লগত বিহু উদযাপন কৰিব, হুঁচৰি গাব, দেউতাকৰ লগত গৰু ধুৱাই গাব ‘লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা….’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments