Tuesday, July 5, 2022
HomeNewsপূৰ্ণগতিত বিজনী টি- ২০ ক্ৰিকেট ,গুৱাহাটী এছ জি ইলেভেনৰ অগ্ৰগতি

পূৰ্ণগতিত বিজনী টি- ২০ ক্ৰিকেট ,গুৱাহাটী এছ জি ইলেভেনৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

বিজনী যুৱক সংঘৰ উদ্যোগত চলা টি- ২০ ক্ৰিকেট প্ৰতিযোগিতাত গুৱাহাটী এছ জি ইলেভেনে অগ্ৰগতি লাভ কৰিছে । বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত শুক্ৰবাৰৰ খেলত গুৱাহাটী এছ জিয়ে গোৱালপাৰাৰ এভাৰটন ক্লাবক ৪
উইকেটত পৰাজিত কৰে । প্ৰথমে বেটিং কৰি গোৱালপাৰাই নিৰ্দ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৫৬ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত গুৱাহাটী এছ জিয়ে ১৯.১ অভাৰত ৬ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় । গুৱাহাটীৰ হৈ বিপক্ষৰ ২ টা উইকেট দখল কৰা আৰু ৩১ ৰাণ সংগ্ৰহ কৰি দলৰ বিজয়ত অনবদ্য অৱদান আগবঢ়োৱা সুৰজ কুমাৰে খেলখনৰ মেন অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে । শনিবাৰৰ খেলত ডাংতলা ৰে’লৱে ক্লাবৰ বিপৰীতে বিজনীৰ চিণ্ময় ইলেভেন অৱতীৰ্ণ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments