Thursday, May 19, 2022
HomeNewsবিজনী টি- ২০ ক্ৰিকেট ,কিংফিছাৰ, যুৱক সংঘ কোৱাৰ্টাৰত

বিজনী টি- ২০ ক্ৰিকেট ,কিংফিছাৰ, যুৱক সংঘ কোৱাৰ্টাৰত

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

বিজনী যুৱক সংঘৰ উদ্যোগত চলা টি- ২০ ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিমবংগৰ হাচিমাৰাৰ কিংফিছাৰ ক্লাব আৰু বিজনী যুৱক সংঘই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰবিবাৰে অনুষ্ঠিত প্ৰথমখন খেলত
কিংফিছাৰে সৰুপেটাক মাত্ৰ ৩ ৰাণত পৰাজিত কৰে । টচত জয়ী হৈ কিংফিছাৰে প্ৰথমে বেট ধৰি ৮ উইকেটত ১৩২ ৰাণ কৰে । প্ৰত্যুত্তৰত সৰুপেটা দলে আটাইকেইটা উইকেট হেৰুৱাই ১২৯ ৰাণ কৰিবলৈ সক্ষম হয় । হাচিমাৰাৰ শিৱম ঝাই ৪ অভাৰত ৩০ ৰাণ দি ৩ টা উইকেট দখল কৰে আৰু খেলখনৰ মেন অৱ দ্য মেচ বিবেচিত হয় ।আনহাতে দ্বিতীয়খন খেলত যুৱক সংঘই কোকৰাঝাৰৰ ইয়ং ষ্টাৰ ক্লাবক ৬ উইকেটত পৰাজিত কৰে । প্ৰথমে বেটিং কৰি ইয়ং ষ্টাৰে ৬৮ ৰাণ কৰাৰ বিপৰীতে যুৱক সংঘই ১২.১ অভাৰত ৪ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় । যুৱক সংঘৰ হৈ ১৩ ( অপৰাজিত)
ৰাণ কৰা আৰু ২ টা উইকেট লোৱা প্ৰশান্ত সৰকাৰে দ্বিতীয়খন খেলৰ মেন অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে । বিজনীৰ হৈ শোভন সৰকাৰ ২০ (অপৰাজিত) ৰাণৰ বৰঙণি আগবঢ়ায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments