
গুৱাহাটী, ৭ জুলাই : অসমৰ পৰ্যটন সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ অৰ্থে লাদাখ ৰাজ্যৰ ৰাজধানী লেহলৈ অসমৰ পৰা ১১ গৰাকী মটৰ চাইকেল আৰোহীৰ এটা দল আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে। ৰাজ্যৰ পৰ্যটন, ক্ৰীড়া, শক্তি আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই নেহৰু ষ্টেডিয়ামত গামোচা জোকাৰি বাইকাৰ্ছৰ দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কোভিড পৰিস্থিতিৰ মাজতে অসমৰ যুৱক- যুৱতীৰ দলটোৰ এই দু:সাহসিক প্ৰচেষ্টাৰ শলাগ লৈ মন্ত্রী গৰাকীয়ে অভিযানৰ সফলতা কামনা কৰে। এই অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউন্ড, Explorers ৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা,এভাৰেষ্ট আৰোহী নন্দ দুলাল দাস, প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণু নুনিছা, জেহিৰুল হক আদিয়ে বিশিষ্ট অতিথি ৰূপে অংশ লয়।এই অভিযানৰ কালত দলটোৱে গুৱাহাটীৰ পৰা লেহলৈ মটৰচাইকেলৰে গৈ পুনৰ গুৱাহাটীলৈ ঘুৰি আহিব। যাত্ৰা কালত দলটোৱে প্ৰায় ১০,০০০ কিলোমিটাৰ পথ অতিক্রমী এক বিৰল অভিলেখ গঢ়াৰ চেষ্টা চলাব। দলটোৰ নেতা উজ্জ্বল বৰা আৰু উপদলনেতাৰ দায়িত্বত আছে ইউটিউবাৰ বিকাশ চেত্ৰী। দলটোৰ আন সদস্যসকলৰ ভিতৰত আছে সমীৰণ শৰ্মা, এছ বি গুৰুং, নয়ন ৰয়, আয়ুব আদি ।