Tuesday, October 4, 2022
HomeNewsখাৰদুংলাৰ শিখৰত উৰিল অসমীয়া গামোচা; বাইক ৰাইডিঙেৰে ৭৫০০ কি মিঃ অতিক্ৰম অসমৰ...

খাৰদুংলাৰ শিখৰত উৰিল অসমীয়া গামোচা; বাইক ৰাইডিঙেৰে ৭৫০০ কি মিঃ অতিক্ৰম অসমৰ যুৱকৰ

অলিম্পিয়া প্ৰতিবেদন

লেহ লাডাখ ।লেহ লাডাখ বুলি কলেই মনলৈ আহে এখন ভূ-স্বৰ্গৰ কথা।চৌদিশে কেৱল পাহাৰ।নীলা আকাশৰ সৌন্দৰ্য্যই হাত বাউলি মাতে লাডাখৰ শিখৰলৈ।বহু দূৰ দূৰণিৰ যাত্রীয়ে বাইক ৰাইডেৰে উপভোগ কৰে লাডাখৰ বিনন্দীয়া ৰূপ।লাডাখলৈ যাত্রা মানেই এক দু:সাহসিক ক্ৰীড়া।দুৰ্গম পথেৰে প্ৰকৃতিৰ ৰেহ-ৰূপ চাই এই দুঃসাহসিক ক্ৰীড়া সম্পাদন কৰে বহুজনে।


শেষতীয়াকৈ, অসমৰ পৰা যোৱা এটা ৯ জনীয়া দলে বাইকেৰে খাৰদুংলা টপলৈকে যাত্রা কৰে। সেইদিনা আছিল ১৫ আগষ্ট ।দেশবাসীয়ে উদযাপন কৰিছিল স্বাধীনতা দিৱস।এনে এক পবিত্র দিনত গুৱাহাটীৰ গীতানগৰ মন্দিৰ পথৰ পৰা লাডাখ অভিমুখে যাত্ৰা কৰিলে এজাক তৰুণ বাইক ৰাইডাৰে। প্ৰায় ৩৫০০ কিঃমিঃ জোৰা দীঘলীয়া পথ অতিক্ৰম কৰিবৰ বাবে সাজু হ’ল তৰুণ বাইক ৰাইডাৰসকল। এই যাত্রাৰ ফ্লেগ অফ কৰিলে গীতানগৰৰ বয়োজেষ্ঠ ব্যক্তি লাচিত ডেকাই। বাইক ৰাইজৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিল গীতানগৰ দূৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তা তথা গীতানগৰৰ একাংশ নাগৰিক। সকলোৱে দলটোক জনালে শুভেচ্ছা।


উল্লেখযোগ্য যে, এই বাইক ৰাইডিংৰ মূল উদ্দেশ্য আছিল “চেল্যুট টু ইণ্ডিয়ান আৰ্মী “।স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশৰ অতন্দ্ৰ প্ৰহৰী সেনা জোনাৱক সন্মান জনোৱাৰ শ্লোগানেৰে ৯ দিনীয়া বাট অতিক্ৰম কৰিলে দলটোৱে । দলটোৰ নেতৃত্বত আছিল সুমন ডেকা। আন আন সদস্যসকল আছিল ক্ৰমে অৰূপ ৰয়, মানৱ বৰ্মন, ৰূপজ্যোতি বৰুৱা, প্ৰৱাল দাস, অঞ্জন লাল দেউৰী, বিজয় দাস। ৬ খন বাইকত কাশ্মীৰ ,শ্ৰীনগৰ হৈ লাডাখলৈ বুলি যাত্রা কৰিলে দলটোৱে ।এই যাত্রা ৰোমাঞ্চকৰ যদিও আছিল অতি দুঃসাহসিক ।যাত্রাকালত অনেক বাধা বিঘিনি নেওচি ২৩ আগষ্টত দলটো উপস্থিত হ’ল পৃথিৱীৰ ভিতৰত অন্যতম সু-উচ্চ পৰ্বতমালা খাৰদুংলাত।এই শিখৰত উপস্থিত হৈ দলটোৱে খাৰদুংলাত উৰুৱালে অসমৰ গামোচা। সেনা জোৱানক লাডাখত গামোচাৰে জনালে সম্ভাষণ। পুনৰ ২৫ আগষ্টত আৰম্ভ হ’ল দলটোৰ উভতনি যাত্রা। মানালী হৈ ৫ ছেপ্তেম্বৰত অসমত ভৰি দিলে দলটোৱে। তাৰপাছতেই ফটকা ফুটাই স্থানীয় ৰাইজে দলটোক জনালে স্বাগতম।গুৱাহাটীৰ পৰা লাডাখ আৰু লাডাখৰ পৰা পুনৰ গুৱাহাটীলৈ প্ৰায় ৭৫০০ কিঃমিঃ পথ অতিক্ৰম কৰিলে দলটোৱে। এই সমগ্ৰ যাত্রাৰ অভিজ্ঞতাৰ বিষয়ে জনালে দলৰ দলপতি সুমন ডেকাই।


অসমৰ পৰা লাডাখৰ দৰে ঠাইলৈ গৈ দুঃসাহসিক ক্ৰীড়াৰ পৰিচয় দিছে অসমৰ এনে বহু যুৱকে। এই দুঃসাহসিক ক্ৰীড়াত সন্নিৱিষ্ট হ’ল সুমন ডেকাৰ নেতৃত্বৰ দলটোৰ নাম।এতিয়া সকলোৱে আশা কৰিব দুঃসাহসিক ক্ৰীড়াৰে অসমৰ ক্ৰীড়াক্ষেত্রত উজ্বলি উঠক এইসকল বাইক ৰাইডাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments