Thursday, July 7, 2022
HomeNewsবিলি বাউডেন আৰু ভাঁজ লগা আঙুলিৰ আঁৰৰ ৰহস্য!!

বিলি বাউডেন আৰু ভাঁজ লগা আঙুলিৰ আঁৰৰ ৰহস্য!!

১৯৯৫ চনৰ মাৰ্চ মাহ। হেমিল্টনত অনুষ্ঠিত হৈ আছিল নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া আন্তৰ্জাতিক মেচখন। তাতেই অভিষেক ঘটিছিল এজন কিৱি আম্পায়াৰৰ। আম্পায়াৰৰ অভিষেক ক্ৰিকেট বিশ্বৰ তেনেই এটা সাধাৰণ ঘটনা। অৱশ্যে সেইদিনাৰ কিৱি আম্পায়াৰাজনৰ সেই অভিষেক পিছলৈ সাধাৰণ হৈ নাথাকিল।

আম্পায়াৰিং জীৱনৰ সমগ্ৰ কালছোৱাই চৰ্চাত থাকিল এইজন আম্পায়াৰ। ক্ৰীড়াপ্ৰেমীৰ মাজত এটা জনপ্ৰিয় নাম হৈ পৰিল বিলি বাউডেন। বিলি বাউডেন তেওঁৰ অদ্ভুত আম্পায়াৰিং শৈলীৰ বাবে জনাজাত হৈ পৰিল। বহুজনে হাস্যৰস লাভ কৰিলে। বহুতৰ দ্বাৰা সমালোচিত হ’ল বাউডেন। হাতৰ তৰ্জনী আঙুলি দুটা ভাঁজ কৰি হাত দুখনৰ মাজ ভাগটো ভাঙি দিয়া ছয়’ৰ সংকেতটোৰ বাবে ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে বাউডেন। তৰ্জনী আঙুলিটো বেঁকাকৈ লৈহে খেলুৱৈক আউট দিবলৈ সক্ষম হৈছিল বিলি বাউডেন।


তেওঁৰ আম্পায়াৰিঙত আছিল নাটকীয়তা। আম্পায়াৰিঙৰ দৰে আমনিদায়ক কামটোকো তেওঁ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছিল। অৱশ্যে বিলিৰ ভাঁজলগা হাত অথবা আঙুলিৰ আঁৰত আছিল এক ৰহস্য। সেই ৰহস্যৰ বিষয়ে জনাৰ আগতে অনুগ্ৰহ আমি জানিব লাগিব বিলিৰ ক্ৰিকেট প্ৰীতিৰ কথা। আম্পায়াৰ হোৱাৰ আগতে বিলি আছিল এজন প্ৰতিভাৱান ক্ৰিকেটাৰ। এজন সম্ভাৱনাপূৰ্ণ পেচ বলাৰ হিচাবে আত্মপ্ৰকাশ ঘটিছিল এইজন নিউজিলেণ্ডৰ খেলুৱৈৰ। পাগলৰ দৰে ক্ৰিকেট ভালপোৱা বিলিৰ সপোন আছিল এজন বিখ্যাত ক্ৰিকেটাৰ হোৱাৰ। ২১ বছৰ বয়সত বিলি আক্ৰান্ত হৈছিল Rheumatoid Arthritis নামৰ অসুখত। বিলিয়ে সপোনতো ভবা নাছিল যে এই ৰোগে তেওঁৰ সম্পূৰ্ণ ক্ৰিকেটৰ কেৰিয়াৰ কাঢ়ি নিব। বাস্তৱত কিন্তু সেয়াই হ’ল। ক্ৰিকেটাৰ হোৱাৰ সপোন পুহি ৰখা বিলিৰ সেই সপোন পূৰ্ণ ন’হল। তথাপি ক্ৰিকেটৰ সৈতে জড়িত থকাৰ বাবেই তেওঁ সিদ্ধান্ত ল’লে আম্পায়াৰ হোৱাৰ। ইয়াৰ পিছৰ খিনি ইতিহাস। ২০০০ চনত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট মেচত আম্পায়াৰিং কৰি সফলতাৰে ২০১৫ চনলৈ মুঠ ৮৫ খন টেষ্ট মেচত আম্পায়াৰিং কৰে। সেইদৰে ১৯৯৫ ৰ পৰা ২০১৬ লৈ এই সুদীৰ্ঘ সময়ছোৱাত মুঠ ২০০ খন এদিনীয়া আন্তৰ্জাতিক মেচ সুখ্যাতিৰে পৰিচালনা কৰে। একেদৰে টি টুৱেন্টি ক্ৰিকেটত ২০০৫ ৰ পৰা ২০১৬ চনলৈ মুঠ ২৪ খন মেচ পৰিচালনা কৰে। এইজন ক্ৰিকেটাৰ ভাৰতত ইমানেই জনপ্ৰিয় আছিল যে ভাৰতত নিৰ্মান হোৱা চলচিত্ৰ শ্লামদগ মিলিয়নীয়াৰ এটা সৰু চৰিত্ৰতো আনকি অভিনয় কৰে তেওঁ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments