Friday, September 30, 2022
HomeNewsপ্ৰয়াত বীৰেন্দ্ৰ কলিতাৰ স্মৃতিচাৰণ সভা

প্ৰয়াত বীৰেন্দ্ৰ কলিতাৰ স্মৃতিচাৰণ সভা

✍️ দীপক কুমাৰ দাস

যোৱা ১৬ জুলাই ২০২১ তাৰিখে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজঁহ চক্ৰৰ অন্তৰ্গত দলুৱা গাওঁৰ সমাজহিতৈষী, বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক বীৰেন্দ্ৰ কলিতাই শেষ নিশ্বাস ত্যাগ কৰে। সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ক্ৰীড়া আদি সকলো দিশতে তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। বঞ্চনা-প্ৰতাৰণাৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদ আছিল আপোচবিহীন। তাৰোপৰি দলুৱা-ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান গঢ়াৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেখেতৰ কৰ্মৰাজিৰ সশ্ৰদ্ধ সোঁৱৰণৰ উদ্যেশ্যে আজি পুৱা ৭-৩০ বজাৰ পৰা বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলুৱাত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে তেওঁৰ জীৱন আৰু কীৰ্তিৰাজিৰ ওপৰত আলোকপাত কৰি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়।

পুৱা ৭-৩০ বজাত বন্তি প্ৰজ্বলন কৰে ভাতৃ ধৰ্মেশ্বৰ কলিতাই, মাল্যাৰ্পণ কৰে পত্নী দশমী কলিতাই। ৯ বজাত আৰম্ভ হোৱা স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে স্মৃতিচাৰণ সমিতিৰ সভাপতি উমেশ বৈশ্যই। স্মৃতিচাৰক সকল আছিল–প্ৰাক্তন বিধায়কদ্বয় চন্দ্ৰধৰ কলিতা আৰু মদন কলিতা, বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মন, বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক হাচিম আলী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক মণিৰাম দাস, বিশিষ্ট পাঠক ৰবীন বৰ্মন। আটায়ে বীৰেন্দ্ৰ কলিতাৰ সকলো দিশতে থকা কৰ্মজীৱনৰ বিষয়ে শ্ৰদ্ধা সহকাৰে স্মৰণ কৰে।

স্মৃতিগ্ৰন্থ উন্মোচন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড° পৰমানন্দ মজুমদাৰে। অনুষ্ঠানটোৰ আঁত ধৰে স্মৃতিচাৰণ সমিতিৰ সম্প্ৰাদক প্ৰদীপ কুমাৰ দাসে। শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত বীৰেন্দ্ৰ কলিতাৰ সৰু ভাতৃ বংশীধৰ কলিতাই। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু ৬ বজাত নলবাৰী জিলা নাম সংঘৰ উদ্যোগত সদৌ অসম নাগাৰা নাম সংঘৰ সমন্বয় নাগাৰা নাম পৰিবেশনেৰে স্মৃতিচাৰণ সভাৰ সামৰণি পৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments