Friday, September 30, 2022
HomeNewsক্ৰীড়া মহিৰূহ প্ৰয়াত পুলিন দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ক্ৰীড়া মহিৰূহ প্ৰয়াত পুলিন দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন

ক্ৰীড়া মহীৰূহ প্ৰয়াত পুলিন দাসৰ ১০৩ সংখ্যক জন্ম দিৱস উপলক্ষে সোমবাৰে অথাৎ ১ নৱেম্বৰত গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ এক অনুষ্ঠানত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পুলিন দাস জন্ম শতবাৰ্ষিকী উদযাপন সমিতি আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাই যুটীয়াভাৱে আয়োজন কৰা অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড০ মুকুণ্ডকাম শৰ্মা, মুখ্য অতিথি ‘প্ৰান্তিক’ আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ।

উদযাপন সমিতিৰ সভাপতি নয়ন প্ৰসাদৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত প্ৰয়াত পুলিন দাসৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি প্ৰদান কৰা হয়। মুখ্য অতিথি ড০ শৰ্মাই “ভাৰতৰ বৃহত্তম ক্ৰীড়া ক্ষেত্রত নতুন চিন্তা আৰু আমাৰ সম্ভাৱনা ” শীৰ্ষক বিষয়ত বিতং বাখ্যা কৰে।


দেশৰ ক্ৰীড়া ক্ষেত্রখন উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনি ৰূপায়ণ প্ৰক্ৰিয়াত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ সদৰী কৰে। ড০ ৰাজবংশী আৰু প্ৰদীপ বৰুৱাই প্ৰয়াত পুলিন দাসৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰি সাৰুৱা ভাষণ দিয়ে। আৰম্ভণিতে আদৰণি ভাষণ দিয়ে পুলিন দাসৰ পুত্র কল্যাণ কুমাৰ দাস আৰু সাংবাদিক সুবোধ মল্ল বৰুৱাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments