Tuesday, July 5, 2022
HomeNews'ষ্টেডিয়ামৰ নামফলকৰ পৰা মোৰ নাম আঁতৰোৱা হওক' স্পীন লিজেণ্ড বিষেন সিং বেদীৰ...

‘ষ্টেডিয়ামৰ নামফলকৰ পৰা মোৰ নাম আঁতৰোৱা হওক’ স্পীন লিজেণ্ড বিষেন সিং বেদীৰ বিষোদগাৰ

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমাৎ ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ। অৱশ্যে ৰাজিনীতিৰ সৈতে ক্ৰীড়াৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। তথাপি আজিৰ দিনত সমাজ জীৱনত ৰাজনীতিৰ পয়োভৰ এনেদৰে বৃদ্ধি পাইছে যে এতিয়া ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ বহুলাংশে ৰাজনৈতিক গতিবিধিৰ সৈতে সাঙোৰ খাই পৰিছে। যিদৰে ভাৰতীয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান কোনো খেলুৱৈৰ নামত নহয় বৰঞ্চ ৰাজনৈতিক নেতাৰ নামতহে প্ৰদান কৰা হয়, একেদৰে এতিয়া ৰাজনৈতিক মঞ্চত খেলুৱৈৰ সক্ৰিয় অংশগ্ৰহণ এটা সুলভ দৃশ্য। দেশৰ অসংখ্য ক্ৰীড়া সংস্থাসমূহৰ কথা ন’কলোৱেই যেনিবা।

শেহতীয়াকৈ দিল্লী ক্ৰিকেট সন্থাত ৰাজনীতিৰ প্রভুত্ব বাঢ়ি অহাৰ অভিযোগ উত্থাপন হৈছে। দিল্লী জিলা ক্ৰিকেট সন্থাত ৰাজনীতিৰ পয়োভৰ বৃদ্ধি পোৱাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ভাৰতৰ প্ৰাক্তন স্পীনাৰ বিষেণ সিং বেদী। স্পীন লিজেণ্ডগৰাকীয়ে দিল্লী ক্ৰিকেট সন্থাৰ কামকাজত অসন্তুষ্ট হৈ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। তদুপৰি, ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত ক্ৰিকেটাৰগৰাকীৰ নামত থকা ষ্টেণ্ডৰ নামাকৰণো সলনি কৰিবলৈ দাবী জনাইছে তেওঁ।

ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত শেহতীয়াকৈ দিল্লী ক্ৰিকেট সন্থাৰ প্ৰাক্তন অধ্যক্ষ অৰুণ জেটলিৰ প্রতিমূৰ্ত্তি নিৰ্মাণক কেন্দ্ৰ কৰি এনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।খেলুৱৈতকৈ প্ৰশাসককহে অধিক গুৰুত্ব দিয়া হৈছে বুলি ক্ষোভ উজাৰিছে বেদীয়ে। তেওঁ কয় যে ক্ৰিকেট সন্থাটোত এতিয়া স্বজন তোষণৰ পৰিৱেশ গঢ়ি তোলা হৈছে। ইয়াত এতিয়া খেলুৱৈতকৈ অধিক গুৰুত্ব দিয়া হয় ৰাজনৈতিক নেতা তথা প্ৰশাসককহে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments