Tuesday, October 4, 2022
HomeMiscellaneousক্ৰীড়াই যাৰ সংসাৰ – “বিষ্ণুৰাম নুনিছা” -অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এটা চিনাকী নাম

ক্ৰীড়াই যাৰ সংসাৰ – “বিষ্ণুৰাম নুনিছা” -অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এটা চিনাকী নাম

✍️ জয়ন্ত কুমাৰ দাস

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এটা জনপ্ৰিয় নাম বিষ্ণুৰাম নুনিছা। সহজ-সৰল সদায় হাঁহিমুখীয়া মানুহজন নহ’লে যেন অসমৰ কোনো এটা ক্ৰীড়া সংগঠন সম্পূৰ্ণ নহয়। গুৱাহাটী আৰু মিকিৰ পাহাৰৰ মাজত ক্ৰীড়াক্ষেত্ৰৰ মূল সুঁতিটো বোৱাই অনা লোকজনেই হ’ল বিষ্ণু। সকলো সময়তে মুখত জৰ্দাপাণখন ভৰাই লৈ মানুহৰ মাজে মাজে কুশল-বাৰ্তা বিনিময় কৰি ঘূৰি ফুৰে তেওঁ। ডিফু চহৰৰ এটা জনপ্ৰিয় পৰিয়ালৰ কনিষ্ঠ সন্তান বিষ্ণুৰাম নুনিছা। প্ৰাক্তন সেনা জোৱান আনাইৰাম নুনিছা আৰু ৰাইছমোদী নুনিছাৰ কনিষ্ঠ সন্তান বিষ্ণু ক্ৰিকেটৰ পৰা আৰম্ভ কৰি বেডমিণ্টন, ফুটবল, এথলেটিক্‌ছ সকলো খেলতেই আছিল পাকৈত। জ্যেষ্ঠ ভাতৃ ৰাজ্য চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য সঞ্চালক ড০ মতিলাল নুুনিছা আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰূপমছিং ৰংহাং আছিল বিষ্ণুহঁতৰ ক্ৰীড়াক্ষেত্ৰৰ গুৰু তথা পথ প্ৰদৰ্শক । জ্যেষ্ঠ ভাতৃ প্ৰদীপ, নিৰ্মল, মতিলালৰ পদাংক অনুসৰণ কৰিয়েই আগবাঢ়িছিল বিষ্ণু। এগৰাকী অফ ব্ৰেক  বলাৰ হিচাপে বিষ্ণুৱে বিজয় মাৰ্চেণ্ট, চি কে নাইডু ট্ৰফীৰ বাবে ডিফুৰ পৰা, অসম দলৰ কেম্পলৈও আহিছিল। সেই সময়ত মহৰ্ষি বৰা, ৰাজেশ বৰা, কুকিল মহন্ত, হেমাংগ বৰুৱাৰ স’তে ক্ৰিকেট খেলাৰ সুযোগ পাইছিল বিষ্ণুৱে। গ’লৰক্ষকৰ ভূমিকাত ফুটবল খেলপথাৰতো অৱতীৰ্ণ হৈছিল। বেডমিণ্টনত সুশান্ত বৰা, দীপাংকৰ ভট্টাচাৰ্যৰ স’তে খেলাৰ সুযোগ পাইছিল। মুঠৰ ওপৰত এটা সময়ত কাৰ্বি আংলং জিলা দলত যি কোনো ইভেণ্টত বিষ্ণুৰাম নুনিছাৰ নাম অন্তৰ্ভুক্ত হৈছিল। ১৯৯৩ চনমানৰ পৰা বিষ্ণুৰাম নুনিছা নামৰ কৰ্মঠ যুৱকজনে খেলুৱৈ জীৱনৰ পৰা সংগঠক জীৱনত প্ৰৱেশ কৰিছিল। ১৯৯৪ চনত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ এথলেটিক্‌ছ সম্পাদক হৈ আৰম্ভ কৰা সংগঠক জীৱনত বিষ্ণুৱে ২০০৬  চনত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ এথলেটিক্‌ছ সম্পাদক পদত অধিষ্ঠিত হয়। তাৰ মাজতেই অসম এথলেটিক্‌ছ সন্থাৰ গৱৰ্নিং বডীৰ সদস্য আৰু যুটীয়া সম্পাদকৰ পদতো কাৰ্যনিৰ্বাহ কৰে। ১৯৯৭ চনত বিষ্ণুৱে অসম এথলেটিক্‌ছ দলৰ মেনেজাৰ হিচাবে ৰাষ্ট্ৰীয় গেমছলৈ গৈ বাংগালুৰু গেমছত দেশৰ Îট্ৰকৰ ৰাণী পি টি উষাৰো সান্নিধ্য লাভ কৰে। সেই সময়ত অসম দলৰ সদস্যসকলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ মৃদুল দুৱৰা, প্ৰমীলা ভৰালী, ৰমেল দুৱৰা আদিও আছিল। অসম এথলেটিক্‌ছ সন্থাৰ কোষাধ্যক্ষ পদতো কাৰ্যনিৰ্বাহ কৰিছিল বিষ্ণুৰাম নুনিছাই।

বিষ্ণুৰাম নুনিছাই কাৰ্বি-আংলং ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি অসম অলিম্পিক সন্থা, অসম ক্ৰিকেট সন্থা, অসম বেডমিণ্টন সন্থা, অসম জিমনাষ্টিক্‌ছ সন্থাৰো বিভিন্ন বিষয়বাবত থাকি অসম দলৰ মেনেজাৰ তথা টেকনিকেল অফিচিয়েল হৈ বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল। বিশেষকৈ অসমৰ জুনিয়ৰ, ছাব-জুনিয়ৰ আৰু ছিনিয়ৰ ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে বিষু্ণৱে সেৱা আগবঢ়াই আহিছে। অসম ৰঞ্জি ক্ৰিকেট দলৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তলৈ মেনেজাৰৰ দায়িত্ব লৈ যোৱা বিষ্ণুৰাম নুনিছাই গুৱাহাটীত অনুষ্ঠিত হোৱা আটাইকেইখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে। অসমৰ ক্ৰীড়া সংগঠনসমূহে বিষ্ণুৰ তত্ত্বাৱধানত ৰাজ্যিক দলসমূহক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ প্ৰেৰণ কৰি সকলো সময়তে নিশ্চিন্ত হ’ব পাৰিছিল। খেলুৱৈৰ সা-সুবিধাৰ প্ৰতি সচেতন বিষ্ণুক খেলুৱৈসকলেও সকলো সময়তে বন্ধু হিচাপেই ব্যৱহাৰ কৰিছিল।

বিষ্ণুৰাম নুনিছা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে বিপদৰ বন্ধু বুলিও পৰিচিত। যেতিয়াই কোনোবা এজন খেলুৱৈ তথা ক্ৰীড়া সংগঠকৰ কোনো বিপদ, তেতিয়াই বিষ্ণু উপস্থিত হৈছিল তেওঁৰ কাষত। অসমৰ, বিশেষকৈ গুৱাহাটীৰ ক্ৰীড়া সাংবাদিকসকলৰ বাবেও বিষ্ণু বহু সময়ত খবৰৰ উৎস। অসম ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনৰ উপদেষ্টা পদত থকা বিষ্ণুৱে বহু সময়ত নিজকে এগৰাকী সাংবাদিক বুলিও দাবী কৰিব বিচাৰে। অৱশ্যে এয়া বিষ্ণুৰ ধেমালিহে।

বিষ্ণুৰাম নুনিছাই অসমত ছেপাকটাক্ৰ’ ক্ৰীড়াক প্ৰতিষ্ঠা কৰিছে। প্ৰথম অৱস্থাত ছেপাকটাক্ৰ’ সন্থাৰ দায়িত্বত থকা মনোৰঞ্জন দাস, ভাস্কৰ দাস আদিৰ পৰা ২০০০ চনত বিষ্ণুৰাম নুনিছাই অসমত ছেপাকটাক্ৰ’ৰ দায়িত্ব লয়। অসমৰ শিলচৰ আৰু মণিপুৰৰ পৰা খেলুৱৈ আনি বিষ্ণুৱে দায়িত্ব গ্ৰহণৰ দিনাৰ পৰাই আৰম্ভ ছেপাকটাক্ৰ’ৰ উত্তৰণ। উত্তৰ পূবত খেলবিধক জনপ্ৰিয় কৰিবৰ বাবেই অসমত আয়োজন কৰা হয় কেইবাটও ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিবিৰৰ। লাহে লাহে ৰাষ্ট্ৰীয় ছেপাকট্ৰাক্ৰ’  ফেডাৰেচনতো নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি বিষ্ণুৱে শেহতীয়াভাৱে জাকাৰ্টা এছিয়ান গেমছত ভাৰতীয় পুৰুষ দলটোৰ দায়িত্ব লাভ কৰে। এছিয়ান গেমছত পুৰুষ দলটোৱে লাভ কৰে ব্ৰঞ্জৰ পদক। ইয়াৰ উপৰি ২০১৭ চনত হায়দৰাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ ৱৰ্ল্ড কাপতো বিষ্ণুৱে ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব পায়। থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ২৩সংখ্যক কিংছ কাপ ছেপাকটাক্ৰ’ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু ২০১৩!১৪ চনত নতুন দিল্লীত অনুষ্ঠিত ছুপাৰ ছিৰিজ ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপতো বিষ্ণু আছিল ভাৰতীয় দলৰ মেনেজাৰ। বিষ্ণুৱে বিচাৰে অতি সোনকালে ছেপাকটাক্ৰ’ৰ ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰক অসমৰ খেলুৱৈয়ে। তাৰেই প্ৰচেষ্টা অব্যাহত আছে অসম ছেপাকটাক্ৰ’ত।

বিষ্ণুৰাম নুনিছা কেৱল যে এগৰাকী ক্ৰীড়াপ্ৰেমী, ক্ৰীড়ানুৰাগী সেয়া নহয়। বিষ্ণু হ’ল সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো সামাজিক-সাংস্কৃতিক সংগঠনৰো বন্ধু ব্যক্তি। তেওঁ অসমৰ সংবাদগোষ্ঠীৰ মানুহখিনিৰো সুহৃদ। অসমৰ আটাইতকৈ পুৰণি মঞ্চ বিহুৰ অনুষ্ঠান গুৱাহাটী বিহু সন্মিলনীৰো তেওঁ আজীৱন সদস্য। উজানবজাৰৰ কামাখ্যা নাট্য সমিতিৰো অজীৱন সদস্য বিষ্ণুৰাম নুনিছা। পৰিয়ালৰ তৰফৰ পৰা প্ৰতি বছৰে আগবঢ়াই অহা আনাইৰাম নুনিছা আৰু ৰাইছমোদী নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানতো বিষ্ণুৰ আছে উল্লেখযোগ্য অৱদান। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পি পি চিৰ দ্বাৰা সম্প্ৰচাৰিত ধাৰাবাহিক পৰিধি, হাৰমনি নৰ্থ ইষ্ট, মেনীমুছ মেনী কালাৰ্ছ আজ কা চফৰৰ জৰিয়তে নুনিছাই নিজৰ শিল্পীসুলভ মন এটাৰ পৰিচয় দিবলৈ সমৰ্থ হৈছে।

অসমৰ ক্ৰীড়াক্ষেত্ৰতখনত অন্তঃকৰণেৰে জড়িত হৈ থকাৰ পিছতো কিন্তু বিষ্ণুৰাম নুনিছাই অসম ক্ৰিকেট সন্থা, অসম এথলেটিক্‌ছ সন্থাৰ ভিতৰচ’ৰাৰ ৰাজনীতিত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব লগাও হৈছে। তাৰ পিছতো কিন্তু হাৰ মনা নাই অক্লান্ত ক্ৰীড়াপ্ৰেমীজনে। তেওঁ ভাবে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে লাগিব সংগঠক, খেলুৱৈ, ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়াপ্ৰশাসকসকলৰ সু-সমম্বয়। ৰাজনীতি ক্ৰীড়াক্ষেত্ৰত মুঠেই গ্ৰহণযোগ্য নহয় যদিও যিকোনো এবিধ ক্ৰীড়াৰ উত্তৰণৰ বাবে প্ৰয়োজন  আছে ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা। বহু সময়ত ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভাৱত অসমৰ ক্ৰীড়া অনুষ্ঠান আগবাঢ়ি যাব পৰা নাই বুলি মন্তব্য কৰে ক্ৰীড়া সংগঠকগৰাকীয়ে। গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোৱা প্ৰচেষ্টাৰ সফল ৰূপায়ণৰ বাবে অসমৰ সকলো ক্ৰীড়া সংগঠন, খেলুৱৈ তথা ক্ৰীড়াপ্ৰেমী একত্ৰিত হৈ কামত লাগিবৰ তেওঁ সকলো পক্ষকে আহ্বান জনায়।

অসমৰ ক্ৰীড়া-সংস্কৃতিৰ লগতে কাৰ্বি পাহাৰৰ ৰাজনীতিৰ স’তেও ওতপ্ৰোতভাৱে জড়িত হৈ আছে নুনিছা। কাৰ্বি আংলঙৰ ৰাজনীতিত অতিসাম্প্ৰতিকভাৱে ভুমুকি মাৰি নুনিছাই যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিবলৈ সমৰ্থ হৈছে। বিষ্ণুৱে বিশ্বাস কৰে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ বাবে কেৱল গুৱাহাটীকেন্দ্ৰিক আঁচনি গ্ৰহণ নকৰি অসমৰ গাঁৱে-ভূঞে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগিব। অসমত গ্ৰাম্য ক্ৰীড়া, ক্ৰীড়া মেলা আদিৰ আয়োজনৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ অসম ক্ৰীড়া পৰিষদৰ পুনৰ্গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ক্ৰীড়াপ্ৰেমী নুনিছাই। মুঠৰ ওপৰত অসমৰ ক্ৰীড়াক্ষেত্ৰত জনপ্ৰিয় ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা হ’ল  সকলো সময়তে কেৱল খেলৰ বাবেই চিন্তা কৰা এগৰাকী এশ শতাংশই ক্ৰীড়াপ্ৰেমী। কথা প্ৰসংগতে এদিন বিষ্ণুৱে নিজেই স্বীকাৰ কৰিছে— ‘মোৰ সংসাৰ এখন আছে বুলি কেতিয়াবা পাহৰিয়েই পেলাওঁ। একমাত্ৰ ল’ৰা আৰু মাকৰ হাতত কেতিয়াবা অলপমান ধন তুলি দিলেই যেন মোৰ দায়িত্ব শেষ। পত্নীৰ চাকৰিৰ ধনেৰেও কেতিয়াবা ক্ৰীড়া সংগঠনৰ খৰচৰ জোৰা মাৰিবলগীয়া হৈছে।’

বিহংগম দৃষ্টিত বিষ্ণুৰাম নুনিছা মানুহজন

ক্ৰীড়া সন্থাৰ পদবী ঃ

*             অসমৰ ছেপাকটাক্ৰ’ সন্থাৰ সাধাৰণ সম্পাদক আৰু ছেপাকটাক্ৰ’ ফেডাৰেচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক।

*             স্কুল স্প’ৰ্টছ্‌ প্ৰমোচন ফাউণ্ডেচনৰ ডিষ্ট্ৰিক্ট (কাৰ্বি আংলং) কো-অৰ্ডিনেটৰ।

*             অসম অলিম্পিক সন্থাৰ কাৰ্যবাহী সদস্য, প্ৰাক্তন সহকাৰী সম্পাদক

*             অসম জিমনাষ্টিক সন্থাৰ উপ-সভাপতি।

*             প্ৰাক্তন যুটীয়া সম্পাদক আৰু সহকাৰী সম্পাদক, অসম ক্ৰিকেট সন্থা, বৰ্তমানৰ কাৰ্যবাহী সদস্য।

*             অসম ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনৰ উপদেষ্টা।

*             অসম গ্ৰেফটিং এছ’চিয়েচনৰ উপদেষ্টা।

*             অসম এথলেটিক্‌ছ সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ, বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য।

*             অসম টাইকোৱানডো সন্থাৰ সহযোগী উপ-সভাপতি।

*             শ্বিলং ক্ৰিকেট সন্থাৰ উপদেষ্টা।

*             কাৰ্বি আংলং ক্ৰিকেট সন্থাৰ সভাপতি।

*             যুটীয়া সম্পাদক, কাৰ্বি-আংলং ক্ৰীড়া সন্থা।

*             প্ৰাক্তন এথলেটিক্‌ছ সম্পাদক, কাৰ্বি আংলং ক্ৰীড়া সন্থা।

অসম ক্ৰিকেট সন্থাৰ দায়িত্ব ঃ

*             ১৯৯৭ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ভাৰতীয় দলৰ স্থানীয় মেনেজাৰ।

*             ১৯৯৯ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ভাৰতীয় দলৰ লিয়েছন অফিচাৰ।

*             ২০০২ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-জিম্বাব’ৱে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ভাৰতীয় দলৰ লিয়েছন অফিচাৰ।

*             ২০০৩ চনত গুৱাহাটীত অনুষ্ঠিত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ অষ্ট্ৰেলিয়া দলৰ এছিষ্টেণ্ট লিয়েছন অফিচাৰ।

*             ২০০৬ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-ইংলেণ্ড এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ইংলেণ্ড দলৰ ডেপুটী মেনেজাৰ।

*             ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-পাকিস্তান এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ভাৰতীয় দলৰ লিয়েছন অফিচাৰ।

*             ২০০৮ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-ইংলেণ্ড এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ইংলেণ্ড দলৰ ডেপুটী মেনেজাৰ।

*             ২০০৯ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ভাৰতীয় দলৰ লিয়েছন অফিচাৰ।

*             ২০১০ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ লিয়েছন অফিচাৰ।

*             ২০১৭ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ নৰ্থ-ইষ্ট লিয়েছন অফিচাৰ।

*             ২০১৮ চনত গুৱাহাটীত অনুষ্ঠিত ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া আন্তঃৰাট্ৰীয় ক্ৰিকেট খেলৰ অৰ্গেনাইজিং কমিটী মেম্বাৰ।

*             অসম ৰঞ্জি ক্ৰিকেট দলৰ মেনেজাৰ ২০০২।

*             অসম বিজয় মাৰ্চেণ্ট দলৰ মেনেজাৰ ১৯৯৭ৰ পৰা ১৯৯৯ চনলৈ।

ছেপাকটাক্ৰ’ ফেডাৰেচনৰ দায়িত্ব ঃ

*             বেংককৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা ২০০৮ চনৰ ২৩ সংখ্যক কিংছ কাপ ছেপাকটাক্ৰ’ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ভাৰতীয় দলৰ মেনেজাৰ।

*             ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছৰ ভাৰতীয় পুৰুষ ছেপাকটাক্ৰ’ দলৰ মেনেজাৰ। গেমছত ভাৰতীয় পুৰুষ দলৰ  ব্ৰঞ্জৰ পদক লাভ।

*             ২০১৩! ১৪ চনত দিল্লীত অনুষ্ঠিত ছুপাৰ ছিৰিজ ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপৰ ভাৰতীয় দলৰ মেনেজাৰ।

*             ২০১৭ চনত হায়দৰাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’  ৱৰ্ল্ড কাপৰ ভাৰতীয় দলৰ মেনেজাৰ। 

এথলেটিক সন্থাৰ দায়িত্ব ঃ

*             হায়দৰাবাদত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান এথলেটিক্‌ছ গ্ৰেণ্ড প্ৰিৰ ভাৰতীয় দলৰ টেকনিকেল অফিচিয়েল।

*             ২০০৭ চনৰ এছিয়ান এথলেটিক্‌ছ গ্ৰেণ্ড প্ৰিৰ টেকনিকেল অফিচিয়েল।

*             ২০০৫ চনত গুৱাহাটীত অনুষ্ঠিত ১৯সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ক্ৰছ ক্ৰাণ্টীৰ টেকনিকেল  অফিচিয়েল।

*             ৫৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপৰ টেকনিকেল অফিচিয়েল। ২০১৮ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল চেম্পিয়নশ্বিপ।

*             ৫৩ সংখ্যক ইণ্টাৰ IIT স্প’ৰ্টছ মীট 2018; টেকনিকেল অফিচিয়েল।

ৰাষ্ট্ৰীয় গেমছৰ দায়িত্ব ঃ

*             ৩৩ সংখ্যক গুৱাহাটী নেচনেল গেমছৰ অৰ্গেনাইজিং কমিটীৰ সদস্য।

*             ২০১১ চনৰ ৩৪ নেচনেল গেমছৰ (ঝাৰখণ্ড) অৰ্গেনাইজিং কমিটীৰ সদস্য।

*             ২০১১ চনৰ কেৰালাৰ ৩৫ নেচনেল গেমছৰ অসম দলৰ ডেপুটী চীফ দ্য মিছন।

*             ১৯৯৭ চনৰ বাংগালোৰ চতুৰ্থ নেচনেল গেমছৰ অসম এথলেটিক্‌ছ দলৰ মেনেজাৰ।

*             ১৯৯৯ চনত মণিপুৰত অনুষ্ঠিত পঞ্চম ৰাষ্ট্ৰীয় গেমছৰ অসম সাঁতোৰ দলৰ মেনেজাৰ।

*             পুনেত অনুষ্ঠিতে অষ্টম কমনৱেলথ গেমছৰ ভাৰতীয় অলিম্পিক ফেডাৰেচনৰ প্ৰতিনিধি।

*             ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত ছাউথ এছিয়ান গেমছৰ অৰ্গেনাইজিং কমিটীৰ সদস্য।

ষ্টেট গেমছৰ দায়িত্ব ঃ

*             ২০০০ চনত নৰ্থ-ইষ্ট স্প’ৰ্টছ ফেষ্টিভেলৰ (তিনিচুকীয়াত অনুষ্ঠিত) টেকনিকেল অফিচিয়েল।

*             ২০১০ চনত দ্বিতীয় ষ্টেট গেমছৰ অফিচিয়েল।

*             ২০১৬ চনত তৃতীয় ষ্টেট গেমছৰ অফিচিয়েল।

ফুটবল সন্থাৰ দায়িত্ব ঃ

*             ফিফা ৱৰ্ল্ড কাপৰ এছিয়া কাপ কোৱালিফাইং খেলৰ ভাৰত-নেপাল খেলৰ অফিচিয়েল

*             ডিফুত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় মহিলা ফুটবল খেলৰ অফিচিয়েল।

*             কল্যাণী ব্লেক লেভেল কাপ ফুটবল প্ৰতিযোগিতাৰ অৰ্গেনাইজিং কমিটীৰ সদস্য। ১৯৯৭ চনত অনুষ্ঠিত হৈছিল গুৱাহাটীত।

*             ভাৰত-পেট্ৰ’লিয়াম সন্তোষ ট্ৰফীত অসম দলৰ মেনেজাৰ।

*             ২০০২ চনত ডিফুত অনুষ্ঠিত দ্বিতীয় ১৯ বছৰৰ অনূধৰ্ব মহিলা ফুটবলৰ অৰ্গেনাইজিং কমিটীৰ সদস্য।

*             ভাৰত-মালয়েছিয়া ফুটবল মেচৰ অফিচিয়েল।

বক্সিঙৰ  দায়িত্ব ঃ

*             চতুৰ্থ এছিয়ান ৱমেন বক্সিং চেম্পিয়নশ্বিপ, গুৱাহাটী-২০১৮ৰ অৰ্গেনাইজিং কমিটীৰ সদস্য

বেডমিণ্টনৰ দায়িত্ব ঃ

*             গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন চেম্পিয়নশ্বিপৰ অৰ্গেনাইজিং কমিটীৰ সদস্য।

*             গুৱাহাটীত অনুষ্ঠিত পি বি এল বেডমিণ্টন চেম্পিয়নশ্বিপ।

ষ্ট্ৰং লিফটিঙৰ দায়িত্ব ঃ

*             ২৪ সংখ্যক নেচনেল ষ্ট্ৰং লিফটিং চেম্পিয়নশ্বিপৰ টেকনিকেল কমিটীৰ অধ্যক্ষ।

ইউথ ফেষ্টিভেলৰ দায়িত্ব ঃ

*             ১৯ সংখ্যক ৰাষ্ট্ৰীয় ইউথ ফেষ্টিভেলৰ অফিচিয়েল।

*             ৰিলায়েঞ্চ ফাউণ্ডেচন ইউথ স্প’ৰ্টছ এথলেটিক মীটৰ অৰ্গেনাইজিং কমিটীৰ সদস্য।

বটাঁ-সন্মান ঃ

*             ২০১৮ চনত অভিৰুচি ক্ৰীড়া দিৱসৰ শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকৰ বাবে শশী শৰ্মা সোঁৱৰণী বঁটা।

*             ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণাৰ বাবে তেজপুৰৰ জ্যোতি-বিষ্ণু কলা নিকেতনে আগবঢ়োৱা ‘ক্ৰীড়া সেৱক ৰত্ন বঁটা’।

*             গুৱাহাটী কাতি বিহু ৰূপালী জয়ন্তী উৎসৱ সমিতিয়ে আগবঢ়োৱা ‘ক্ৰীড়া মহাৰথী’ সন্মান।

*             ২০১৭ চনত গুৱাহাটী পিপ্‌লছ ফ্ৰেইণ্ডছ ফাউণ্ডেচনে আগবঢ়োৱা ‘প্ৰজ্ঞা প্ৰেৰণা এৱাৰ্ড’।

*             ২০০৫ চনত দশম ক্ৰীড়া সাংস্কৃতিক উৎসৱত লৌহ পুৰুষ প্ৰেমদাকান্ত শৰ্মাৰ ৯১ সংখ্যক জন্ম দিৱসৰ শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক বঁটা।

*             ২০১৭ চনত উত্তৰ-পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টে আগবঢ়োৱা ‘কৰ্ম সম্ৰাট’ উপাধি আৰু সমাজ সেৱক বঁটা।

*             গুৱাহাটী জটিয়া-লখিমী নগৰৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তিশালী ক্ৰীড়া সংগঠকৰ সন্মান।

*             এচেৰেঙা ৰ’দালি বঁটা ২০১৮। এচেৰেঙা ৰ’দালি উৎসৱত।

*             ২০১৮ চনত ক্ৰীড়া সূৰ্য ৰত্ন বঁটা।

*             অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ সম্বৰ্ৰ্ধনা।

অন্যান্য ক্ষেত্ৰত অংশগ্ৰহণ ঃ

*             লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য।

*             কামৰূপ নাট্য সমিতিৰ আজীৱন সদস্য।

*             গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পি পি চিৰ দ্বাৰা সম্প্ৰচাৰিত ধাৰাবাহিক পৰিধি, হাৰমনি নৰ্থ-ইষ্ট, মেনিমুছ মেনি কালাৰ্ছ আৰু আজ কা চফৰৰ প্ৰযোজক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments