Wednesday, August 10, 2022
HomeNewsগুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকিল বিশ্বনাথৰ চাৰি খেলুৱৈ

গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকিল বিশ্বনাথৰ চাৰি খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন

গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকিল অসমৰ খেলুৱৈ ।ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৭টা পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে বিশ্বনাথৰ ৪ খেলুৱৈয়ে ।

বিগত ২৭ আৰু ২৮ নম্বেৱৰত গুজৰাটৰ সোমনাথত অনুষ্ঠিত ২৩ তম্ অল ইণ্ডিয়া ৱাড’ কাই কাৰাটে চেম্পিয়নশ্বিপ-২০২১ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্বৰ্ণ, ৰজত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলাৰ ৪ খেলুৱৈয়ে ৷ উল্লেখ্য যে, প্ৰশিক্ষক তন্ময় নাথৰ নেতৃত্বত যোৱা চাৰিজনীয়া দলটোত মুনমী দাসে ১টা স্বৰ্ণ আৰু এটা ৰজত পদক,প্ৰণৱ জ্যোতি বৰাই ৰজত আৰু ব্ৰঞ্জ, যশ ছেত্ৰীয়ে ব্ৰঞ্জ আৰু ছাব জুনিয়ৰ শাখাত ভাগ্যশ্ৰী ভূঞাঁই দুটাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ অসমৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ এই কৃতিত্ব কঢ়িয়াই অনাৰ বাবে বিশ্বনাথৰ পূৱ মৰলগাঁও আৰু বুঢ়ীগাঙৰ স্থানীয় মহিলাসকলে আটাই কেওগৰাকী খেলুৱৈকে উষ্ম আদৰণি জনোৱাৰ লগতে একোখন সম্বৰ্ধনা পত্ৰ,কিতাপ আৰু গামোচাৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে ৪ জন খেলুৱৈয়ে পৰৱৰ্তী ডুবাইত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷

ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছে উদীয়মান খেলুৱৈ কেইগৰাকীৰ এই বিজয়ধাৰা অব্যাহত থাকক । ডুবাইত পুনৰ জিলিকি উঠক এইসকল সমৰ কলা খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments