Monday, October 3, 2022
HomeNewsপাৰঘাটত আন্তঃজিলা নাওখেল :মৰিগাঁও শ্ৰেষ্ঠ

পাৰঘাটত আন্তঃজিলা নাওখেল :মৰিগাঁও শ্ৰেষ্ঠ

✍️ সুকুমাৰ মেধিৰ প্ৰতিবেদন

পাৰঘাটত আন্তঃজিলা নাওখেল ।
মৰিগাঁৱে আজুৰি আনিলে শ্ৰেষ্ঠত্বৰ সন্মান ।

ৰোমাঞ্চকৰ নাওখেলত ব্যস্ত এজাক খেলুৱৈ । নদীৰ পাৰত অজস্ৰ দৰ্শক । হৰ্ষ উল্লাসত মুখৰিত নাওখেলৰ পৰিৱেশ । এই দৃশ্য দেওবাৰৰ ।
কামৰূপ জিলাৰ ছয়গাঁও থানা এলেকাৰ পাৰঘাটত অনুষ্ঠিত হৈছে আন্তঃজিলা নাওখেল প্ৰতিযোগিতা । অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত প্ৰাণ পাই উঠিছে এই সুন্দৰ প্ৰতিযোগিতাই । লোকে লোকাৰণ্য হৈ পৰিল নদীৰ পাৰ । নাওখেলত
অংশগ্ৰহণ কৰিলে মৰিগাঁও, কামৰূপ, শোণিতপুৰ, কামৰূপ মহানগৰ, দক্ষিণ কামৰূপৰ দলে । ইয়াৰে, ৫ টা দলত পুৰুষ আৰু ৩ টা মহিলাৰ দল ।
তীব্ৰ উত্তেজনাপূৰ্ণ এই নাওখেল প্ৰতিযোগিতাত মৰিগাঁও জিলা দল শ্ৰেষ্ঠ হৈছে । পুৰুষত চেম্পিয়ন হয় কামৰূপ মহানগৰ আৰু মহিলাৰ ৰাণাৰ্চ হয় দক্ষিণ কামৰূপ দল ।

উল্লেখযোগ্য যে, সাপৰটাৰী সাতঘৰীয়া প্ৰাথমিক বিদ্যালয় চৌহদত অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ সভাপতি তাহেৰ আহমেদে পতাকা উত্তোলন কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে । লগতে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে । উদ্বোধনী ভাষণত ৰাভাই অহা বছৰ নাওখেলৰ এনে প্ৰতিযোগিতা বহলকৈ অনুষ্ঠিত কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক মুখ্য অতিথিৰূপে উপস্থিত আছিল ।

ক্ৰীড়াপ্ৰেমীৰ আশা — অসমত জনপ্ৰিয় হৈ উঠক এই নাওখেল । প্ৰতি প্ৰান্তত অনুষ্ঠিত হওক এনে ৰোমাঞ্চকৰ অভিজ্ঞতা সম্পন্ন খেলবিধ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments