Thursday, September 29, 2022
HomeNewsমিৰ্জাত মিঃ কামৰূপ প্ৰতিযোগিতা

মিৰ্জাত মিঃ কামৰূপ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

কামৰূপ জিলা ফিজিক এছচিয়েছনৰ সৌজন্যত মিৰ্জাৰ ক্লাব ফিট জিমে অহা ৭ নৱেম্বৰ দেওবাৰে আয়োজন কৰিছে ২১ সংখ্যক মিঃ কামৰূপ দেহশ্ৰী প্ৰতিযোগিতা । মিৰ্জাৰ শ্বহীদ ভৱনত একে দিনাই দেহশ্ৰী প্ৰতিযোগিতাৰ লগতে ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব । মিঃ কামৰূপ দেহশ্ৰী প্ৰতিযোগিতাৰ বাবে ৬ টা ওজন শাখা, জুনিয়ৰ মিঃ কামৰূপৰ বাবে ৫টা ওজন শাখা, মাষ্টাৰ্ছ মিঃ কামৰূপৰ বাবে ২ টা ওজন শাখা, মেন এথলেটিকছ ফিজিকৰ বাবে এটা শাখা আৰু মেনছ স্পৰ্টছ ফিজিকৰ বাবে ৪ টা গ্ৰুপ থাকিব।


মিছ কামৰূপ আৰু ৱমেন মডেল ফিজিকৰ বাবে একেটাই গোট হ’ব।ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতাসমূহ পুৰুষ আৰু মহিলাৰ বাবে বিভিন্ন শাখাত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব পুৱা ৯ বজাৰ পৰা। কামৰূপ জিলাৰ অধীনৰ সকলো স্বীকৃতিপ্ৰাপ্ত জিম তথা ক্লাববোৰক জিলা সম্পাদক মনোজ বড়োৰ সৈতে ৭০০২০-৭১৫৮৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কামৰূপ জিলা ফিজিক এচচিয়েচনৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments