Monday, October 3, 2022
HomeNewsখেলুৱৈসকল খেলপথাৰত নতুন উদ্যমৰে নামিব : বজৰং পুনিয়া

খেলুৱৈসকল খেলপথাৰত নতুন উদ্যমৰে নামিব : বজৰং পুনিয়া

olymoiasports.in

লকডাউনৰবাবে স্তব্ধ হৈ আছে দেশৰ লগতে বিশ্বৰ ক্ৰীড়া জগত। এই সময়ছোৱাত খেলুৱৈসকল নিজৰ ঘৰতেই আৱদ্ধ হৈ আছে। কোনোধৰণৰ আনুষ্ঠানিক অনুশীলন বা প্ৰশিক্ষণ এই মূহুৰ্তত হোৱা নাই। তাৰ মাজতেই অৱশ্যে খেলুৱৈসকলে নিজৰ ফিটনেচ ধৰি ৰাখিবলৈ নিজৰ ঘৰতেই সাধ্যনুসৰি চেষ্টা অব্যাহত ৰাখিছে।

লকডাউনৰ পিছত যেতিয়া এক স্বাভাৱিক অৱস্থালৈ দেশ ঘূৰি আহিব তেতিয়া হয়তো পৃথিৱীখন পূৰ্বৰ দৰে হৈ নাথাকিব। পৰিবৰ্তন হ’ব বিভিন্ন দিশৰ। ব্যতিক্ৰম নহ’ব ক্ৰীড়া বিশ্ব। নিশ্চিতভাৱে ক্ৰীড়া বিশ্বলৈও কৰ’না মুক্ত সময়ত এক পৰিবৰ্তন নামি আহিব। এই প্ৰসংগতে ভাৰতীয় ৰেষ্টলাৰ বজৰং পুনিয়াই ৰেষ্টলিং জগতখনলৈ নামি আহিব পৰা পৰিবৰ্তনৰ বিষয়ে উল্লেখ কৰিছে।

ৰেষ্টলাৰ বজৰং পুনিয়াৰ দৃষ্টিত ‘ৰেষ্টলিং স্পৰ্শৰ ক্ৰীড়া‌। যেতিয়াই ই পুনৰ আৰম্ভ হ’ব তেতিয়া আপুনি শাৰীৰিক স্পৰ্শৰ পৰা কেনেকৈ ৰক্ষা পাব? মোৰ ভাব নহয় যে কাৰোবাৰ কিবা কুণ্ঠাবোধ হ’ব। এইকাৰণতে মোৰ এনে নালাগে যে খেললৈ কিবা পৰিবৰ্তন আহিব। যেতিয়া খেল পুনৰ আৰম্ভ হ’ব তেতিয়া প্ৰতিদ্বন্দিতা কঠিন হ’ব। খেলুৱৈৰ ইমান দীঘলীয়া জিৰণিৰ অভ্যাস নাথাকে।আজৰি সময়খিনিত খেলুৱৈ সকলে নিজৰ নিজৰ মাজত থকা শক্তিশালী আৰু দুৰ্বল দিশবোৰ বিশ্লেষণ কৰিছে। খেলুৱৈসকলে খেলপথাৰত নতুন উদ্যমৰে নামিব।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments