Monday, October 3, 2022
HomeNewsসব্যসাচী ৰাভা সোঁৱৰণী ফুটবল,উদ্বোধনী মেচত বকোৰ জয়

সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল,উদ্বোধনী মেচত বকোৰ জয়

✍️বকোৰ পৰা সতীশ নংবাগৰ প্ৰতিবেদন

জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা দেওবাৰে আৰম্ভ হয় । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বকো গান্ধী মৈদানত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ উদ্বোধনী মেচত জয়লাভ কৰে বকো ফুটবল দলে । দলটোৱে মাজজাখেলি বাৰ্মুদা ক্লাবক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ।

খেলখন উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গঙ্গা ৰাজ ৰাভাই । খেলৰ আৰম্ভণিতে সংগঠনৰ পতাকা উত্তোলন কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই । প্ৰয়াত সব্যসাচী ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, ৰাভা হাচঙ শায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষৰ লগতে কাৰ্যবাহী সদস্য , সাধাৰণ সদস্য, বিভিন্ন ক্ৰীড়া সংগঠকসকলে । খেল পৰিচালনা কৰে অশোক ৰাভা, শিৱৰাম ৰাভা , ৰবীন্দ্ৰ ৰাভা আৰু চতুৰ্থ ৰেফাৰী হিচাপে থাকে সতীশ ৰাভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments