Monday, October 3, 2022
HomeNewsবকোত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ,বকো এফ. চি দল চেম্পিয়ন

বকোত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ,বকো এফ. চি দল চেম্পিয়ন

✍️ বকোৰ পৰা মনোজ কুমাৰ দাসৰ প্ৰতিবেদন

বকোত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ ।
বকো এফ. চি দল চেম্পিয়ন । সহস্ৰাধিক দৰ্শকৰ সমাৱেশ ।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত নৱম বাৰ্ষিক জননেতা সব্যসাচী ৰাভা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি ঘটে ৷ বকো ৰাজহুৱা খেল পথাৰত ১২ টা দলৰ অংশগ্ৰহণেৰে যোৱা ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হয় এই প্ৰতিযোগিতা ৷ দেওবাৰে অনুষ্ঠিত চূড়ান্ত মেচখনত অৱৰ্তীণ হয় ফৰ ষ্টাৰ হেল্পিং এফ চি আহোমগাওঁ গুৱাহাটী বনাম বকো এফ চি দল ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ফাইনেল খেলখনত বকো এফ চি দলে আহোমগাওঁ দলক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে ।

খেলৰ অন্তত  কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ সভাপতি অজিত ৰাভাই বঁটা বিতৰণী সভাত বিজয়ী দলক ট্ৰফীসহ ৫০,০০০ টকা আৰু বিজিত দলক ট্ৰফীসহ ৩৫ ০০০ টকা প্ৰদান কৰে ৷

অনুষ্ঠানত উপস্থিত থাকে খেল উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য আদিত্য ৰাভা, সোনাৰাম ৰাভা, সাধাৰণ সদস্য অৰ্জুন ছেত্ৰী, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ ৰাভা, উপ সভাপতি মন্টু ৰাভা, খেল পৰিচালনা সমিতিৰ সম্পাদক জগন্নাথ ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়া সংগঠক ৷

এই বৃহৎ প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ সভাপতি অজিত ৰাভাই। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগক শলাগিছে ক্ৰীড়াপ্ৰেমীয়ে । সকলোৱে আশা কৰিছে বকোত এই ক্ৰীড়াৰ পৰিবেশ অব্যাহত থাকক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments