Friday, September 30, 2022
HomeNews'Happy birthday, My Person': কে এল ৰাহুলক বলিউড অভিনেত্ৰীৰ শুভেচ্ছা

‘Happy birthday, My Person’: কে এল ৰাহুলক বলিউড অভিনেত্ৰীৰ শুভেচ্ছা

olympiasports.in

ভাৰতীয় দলৰ বিস্ফোৰক বেটছমেন কে এল ৰাহুলৰ আজি জন্মদিন। ৰাহুলে আজি তেওঁৰ ২৮তম জন্মদিন উদযাপন কৰিছে। আজি এই বিশেষ দিনটোত কৰ্ণাটকৰ ক্ৰিকেটাৰজনে বলিউড অভিনেত্ৰী আঠিয়া ছেট্টিৰ পৰা লাভ কৰিছে এক বিশেষ বাৰ্তা। “শুভ জন্মদিন, মোৰ মানুহজন( Happy birthday, My Person)”আঠিয়া ছেট্টিয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা জন্মদিনৰ শুভেচ্ছা জনাই এইদৰে মন্তব্য কৰে। উত্তৰত ৰাহুলেও তিনিটা হৃদয়ৰ ইম’জি দি ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে দুয়োগৰাকী প্ৰেমৰ সম্পৰ্কত থকা বুলি বহুতে দাবী কৰে যদিও তেওঁলোকে নিজে এই কথা স্বীকাৰ কৰা নাই। আনুষ্ঠানিকভাৱে তেওঁলোকে এই সম্পৰ্কৰ কথা ঘোষণা কৰা নাই। দুয়োগৰাকীৰ গোপন সম্পৰ্কৰ কথা পোহৰলৈ আহে যেতিয়া কে এল ৰাহুলে প্ৰথমে ছ’চিয়েল মিডিয়াত আঠিয়াৰ সৈতে হেৰাফেৰী বোলছবিৰ এটা মুহূৰ্তৰ এখন ফটো শ্বেয়াৰ কৰিছিল।

আঠিয়াৰ উপৰিও আজি এই বিশেষ দিনটোত ৰাহুলক আই চি চি, বি চি চি আইৰ লগতে তেওঁৰ বহু সতীৰ্থয়ো শুভেচ্ছা জ্ঞাপন কৰে। আই চি চিয়ে ৰাহুলৰ সাফল্যৰ এখন তালিকা প্ৰকাশ কৰি বেটছমেনজনক শুভেচ্ছা জনায়।

বি চি চি আয়েও ভাৰতীয় দলৰ সফল বেটছমেনজনক শুভেচ্ছা জনাই টুইট কৰে।

আই পি এলৰ নিজ দল কিংছ ইলেভেন পাঞ্জাৱেও জন্মদিনৰ শুভেচ্ছা জনাইছে ৰাহুলক।

কফি উইথ কৰণত ৰাহুলৰ সৈতে অংশগ্ৰহণ কৰি বিতৰ্কৰ মাজত সোমাই পৰা সতীৰ্থ হাৰ্ডিক পাণ্ডিয়াই শুভেচ্ছা জনাই ৰাহুলক ‘Bro’ বুলি সম্বোধন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments