অলিম্পিয়া প্ৰতিবেদন
এজাক খেলুৱৈয়ে ভাৰতীয় ত্রিৰংগাক জনাইছে চেল্যুট । সগৌৰৱেৰে উৰিছে তিনিবৰণীয়া জাতীয় পতাকা । গণৰাজ্য দিৱসত এজাক উদীয়মান খেলুৱৈ হৈছে প্ৰতিজ্ঞাবদ্ধ ।
এই দৃশ্য দক্ষিণ কামৰূপৰ বনগাঁও ক্ৰীড়া সন্থা খেলপথাৰৰ । সমগ্ৰ দেশে বুধবাৰে উদযাপন কৰিলে ৭৩ সংখ্যক গণৰাজ্য দিৱস । দেশমাতৃৰ বন্দনাৰে মুখৰিত হ’ল ভাৰতৰ প্ৰতিটো প্ৰান্ত ।পিছ পৰি নৰ’ল খেলুৱৈসকলো । গণৰাজ্য দিৱসৰ দিনা ওলাই আহিল খেলুৱৈসকল ।
বনগাঁও ক্ৰীড়া সন্থা আৰু বনগাঁও ফুটবল ক’চিং চেন্টাৰৰ উদ্যোগত আয়োজন কৰা হয় গণৰাজ্য দিবসৰ । পতাকা উত্তোলন কৰিলে বনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি খগেন্দ্ৰজিত ঠাকুৰীয়াই । ৰাষ্ট্ৰীয় সংগীতৰে জীপাল হ’ল বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰ । নৱপ্ৰজন্মৰ
খেলুৱৈসকলে প্ৰতিজ্ঞা ললে এগৰাকী সুগনাগৰিক হোৱাৰ ।লগতে ক্ৰীড়াৰ জৰিয়তে দেশমাতৃক গৌৰৱান্বিত কৰাৰ পণ ললে এইসকল খেলুৱৈয়ে ।
গণৰাজ্য দিৱসৰ পবিত্র ক্ষণত প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী আৰু খেলুৱৈক শুভেচ্ছা জনালে বনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি খগেন্দ্ৰজিত ঠাকুৰীয়াই । অগ্ৰজ খেলুৱৈসকলৰ আদৰ্শৰে উদ্বুদ্ধ হৈ নৱ প্ৰজন্ম আগবাঢ়ি যোৱাৰ আশা ব্যক্ত কৰিলে তেওঁ ।
লগতে সভাপতি জনে উল্লেখ কৰিলে প্ৰশিক্ষক তথা সমৰকলা খেলুৱৈ মনোজ কুমাৰ দাসৰ প্ৰসংগ । ৰাজ্যৰ লগতে বনগাঁৱৰ খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই দিয়াৰ ক্ষেত্রত মনোজ কুমাৰ দাসৰ দৰে প্ৰশিক্ষকসকলৰ বলিষ্ঠ ভূমিকাৰ কথা দোহাৰিলে তেওঁ ।
উল্লেখযোগ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিল বনগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক সৰ্বেশ্বৰ ৰাভা, খেল সম্পাদক ৰঞ্জিত বড়ো,কাৰ্যকৰী সদস্য প্ৰফুল্ল বড়ো, আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ সঞ্জয় বড়োকে আদি কৰি বনগাঁৱৰ খেলুৱৈসকল ।
ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব, যিদৰে গণৰাজ্য দিৱসত ভাৰতীয় ত্রিৰংগা সগৌৰৱেৰে উৰিছে, সেইদৰে ক্ৰীড়াৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো উৰক ভাৰতৰ বিজয় ধ্বজা ।খেলুৱৈসকলে ত্রিৰংগাক সাক্ষী কৰি লোৱা পণবোৰ সফল হওক ।