Tuesday, October 4, 2022
HomeNewsবনগাঁৱৰ খেলুৱৈক আৰ্থিক অনুদান প্ৰদান ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ

বনগাঁৱৰ খেলুৱৈক আৰ্থিক অনুদান প্ৰদান ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ

অলিম্পিয়া প্ৰতিবেদন

খেলুৱৈক উৎসাহিত কৰিবলৈ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ বিশেষ পদক্ষেপ । ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় খেলুৱৈলৈ আৰ্থিক অনুদান । ৰাইজৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰি মাজত খেলুৱৈসকলে গ্ৰহণ কৰিলে আৰ্থিক সাহাৰ্য ।

২৮ নং উত্তৰ বনগাঁও ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ সমষ্টিৰ বিভিন্ন পিছপৰা অঞ্চলৰ প্ৰায় ১০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে শুকুৰবাবে অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান । ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় দুধনৈত আয়োজিত এই অনুষ্ঠানতে ৫ গৰাকী ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক অৰ্থ প্ৰদানেৰে উৎসাহিত কৰা হয় । দক্ষিণ কামৰূপ বনগাঁও অল মাৰ্চিয়েল আৰ্ট এণ্ড ছেলফ্ ডিফেন্স একাডেমীৰ আছিল আটাইকেইজন খেলুৱৈ । আৰ্থিক সাহায্য লাভ কৰা খেলুৱৈ সকল হ’ল– আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ মনোজ কুমাৰ দাস, ৰমেন বড়ো, ৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ ফ্ৰান্সিছ বড়ো, ভাগ্যৰাম ৰাভা আৰু ছয়নিকা মণ্ডল । প্ৰতিগৰাকী খেলুৱৈকে প্ৰদান কৰিলে ২০,০০০ টকা । আৰ্থিক অনুদান গ্ৰহণ কৰি মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙিল খেলুৱৈসকলৰ ।
বিগত বৰ্ষত ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্রত দাঙি ধৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ পৰিষদে গ্ৰহণ কৰিছে এনে পদক্ষেপ । তেওঁলোকে আগন্তুক দিনত পদক অৰ্জনৰে অসমৰ লগতে বৃহত্তৰ দক্ষিণ কামৰূপৰ বনগাঁৱক গৌৰৱান্বিত কৰিব বুলি আশাবাদী পৰিষদ ।

উল্লেখযোগ্য যে-আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচীত উপস্থিত থাকিল ২৮ নং উত্তৰ বনগাঁও ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, খেল বিভাগৰ দায়িত্বত থকা তথা ২৮ নং উত্তৰ বনগাঁৱৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাৰ লগতে বিষয়-ববীয়াসকল ।

বিগত বৰ্ষত মনোজ কুমাৰ দাসৰ দৰে খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিবলৈ আৰ্থিক সংকটত ভুগিছিল । এই ধৰণৰ সহায়ে আৰ্থিক ভাৱে পিছপৰা খেলুৱৈসকলক কিছু সকাহ দিব বুলি আশা কৰিব পাৰি ।
ক্ৰীড়া অনুৰাগীৰ আশা, খেলুলৈসকলৰ জয়ৰ কৃতিত্ব সুদুৰপ্ৰসাৰী হওক । পদক অৰ্জনৰে অসম মাতৃক গৌৰৱান্বিত কৰক তেওঁলোকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments