Sunday, October 2, 2022
HomeNewsবৰদলৈ ট্ৰফী ফুটবলত বিদুৎ পৰিষদ , দিল্লী এফ চি , নগালেণ্ড পুলিচৰ...

বৰদলৈ ট্ৰফী ফুটবলত বিদুৎ পৰিষদ , দিল্লী এফ চি , নগালেণ্ড পুলিচৰ জয়

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবলৰ মঙলবাৰৰ মেচত অসম ৰাজ্যিক বিদুৎ পৰিষদে ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে আই টি বি পি দলক । নেহেৰু ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ মেচত বিদুৎ পৰিষদৰ হৈ জাম্বলা ব্ৰহ্ম‌ই ৪৪ আৰু ৬১ মিনিটত ২ টা গ’ল দিয়ে । ৩৬ আৰু ৪৬ মিনিটত দলৰ হৈ আন দুটা গ’ল দিয়ে ক্ৰমে চুবুংচা বসুমতাৰী আৰু ৰঘুনাথ বড়োৱে । আই টি বি পিৰ হৈ ৭৭ মিনিটত একমাত্ৰ গ’লটো পৰিশোধ কৰে লেপচাই । ইফালে কৰৰাত গ্ৰুপ ‘বি’ মেচত দিল্লী এফ চিয়ে ২-১ গ’লত পৰাস্ত কৰে আছাম ৰাইফলছক । ছিপাঝাৰৰ ঘিলাকুৰিত অনুষ্ঠিত গ্ৰুপ ‘চি’ ৰ মেচত নগালেণ্ড পুলিচে ৫-০ গ’লত পৰাস্ত কৰে বদৌচা ক্লাবক । বিজয়ী দলৰ হৈ কেজহচে ৫৮,৭৬ আৰু ৮৯ মিনিটত ৩ টা গ’ল দি হেট্ৰিক সম্পূৰ্ণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments