Tuesday, October 4, 2022
HomeNewsবৰদলৈ ট্ৰফী ফুটবলৰ ছেমিত দিল্লী এফ চি

বৰদলৈ ট্ৰফী ফুটবলৰ ছেমিত দিল্লী এফ চি

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবলত তৃতীয়টো দল হিচাপে ছেমিফাইনেলত উপনীত হ’ল দিল্লী এফ চি । ইয়াৰ পূৰ্বে গ্ৰুপ ‘এ’ৰ পৰা শিলচৰৰ ইণ্ডিয়া ক্লাব আৰু গ্ৰুপ ‘ডি’ৰ পৰা ইউনাইটেড চিৰাং দুৱাৰ এফ চি দলে অন্তিম চাৰিত উপনীত হৈছে । কিন্তু গ্ৰুপ ‘বি’ত এক অদ্ভূত পৰিষ্টিতিৰ সৃষ্টি হৈছে । বুধবাৰে কৰৰাত চি আই এছ এফ দলে অইল ইণ্ডিয়াক ২-১ গ’লত পৰাস্ত কৰাৰ পাছত গ্ৰুপৰ শীৰ্ষ স্থান নিৰ্ণয় কৰাত সমস্যাৰ উদ্ভৱ হৈছে । কাৰণ পইন্ট আৰু গ’ল পাৰ্থক্যৰ দিশৰ পৰা চি আই এছ এফ আৰু নগালেণ্ড পুলিচ একে স্থানত আছে । ফলত আয়োজক জি এজ এ বিধি অনুসৰি বৃহস্পতিবাৰৰ পুৱা ১০ বজাত জি এছ এ কাৰ্যালয়ত লটাৰী যোগে ছেমিফাইনেলৰ দলটো নিৰ্ণয় হ’ব । বুধবাৰে কৰৰাত দিল্লী এফ চিয়ে দৈমালু ক্লাবক ১-০ গ’লত পৰাস্ত কৰে । গ্ৰুপ ‘ডি’ ৰ অন্তিম মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু শ্বিলং লাজং দলে ২-২ গ’লত ড্ৰ খেলে । নৰ্থ ইষ্টৰ হৈ ৯ মিনিটত দীপু মিৰ্ধা আৰু ৭৭ মিনিটত প্ৰজ্ঞান সুন্দৰ গগৈয়ে গ’ল দিয়ে । ছক জৰুৰী বাৰ্তা অনুসৰি বৰদলৈ ট্ৰফীৰ ছেমি-ফাইনেলৰ দুয়োখন মেচ এক এপ্ৰিল আৰু ফাইনেল খন ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব । দুয়োখন ছেমিফাইনেল নেহৰু ষ্টেডিয়ামত এক আৰু দুই নম্বৰ গ্ৰাউণ্ডত দিনৰ ২.৩০ বজাৰ পৰা একে সময়তে আৰম্ভ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments