Tuesday, October 4, 2022
HomeNewsপ্ৰথমটো দল হিচাপে বৰদলৈ ট্ৰফীৰ ছেমিত ইণ্ডিয়া ক্লাব

প্ৰথমটো দল হিচাপে বৰদলৈ ট্ৰফীৰ ছেমিত ইণ্ডিয়া ক্লাব

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবলৰ প্ৰথমটো দল হিচাপে ছেমিফাইনেলত প্ৰবেশ কৰিছে শিলচৰৰ ইণ্ডিয়া ক্লাবে । জজ ফিল্ডত সোমবাৰে গ্ৰুপ ‘এ’ৰ লীগ মেচত ইণ্ডিয়া ক্লাবে গুৱাহাটী টাউন ক্লাবৰ সৈতে ২-২ গ’লত ড্ৰ
খেলি ১ পইন্ট অৰ্জন কৰে । মেচৰ ৫ মিনিটত ভি শশী কুমাৰে আত্মঘাতী গ’ল দিয়াত ইণ্ডিয়া ক্লাব ০-১ গলত পিছপৰি ৰয় । মেচৰ ৫৯ মিনিটত টাউন ক্লাবৰ হৈ পিংকুল বসুমতাৰীয়ে গ’ল দি দলক ২-০ ৰ অগ্ৰগতি দিয়ে । কিন্তু ৬৫ আৰু ৭২ মিনিটত ইণ্ডিয়া ক্লাবৰ হৈ ভি ভিগনেশে উপৰ্যুপৰি দুটা গ’ল কৰি মেচখনত সমতা স্থাপন কৰে । ইফালে ছিপাঝাৰৰ ঘিলাকুৰীত ‘চি’ গ্ৰুপৰ এখন মেচত চি আই এছ এফ দলে ৫-০ গ’লত পৰাস্ত কৰে বদৌচা ক্লাবক । এক জৰুৰী বাৰ্তা অনুসৰি জজ ফিল্ডত বৰষুণৰ পানী জমা হোৱাৰ বাবে ২৯ মাৰ্চৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু আই টি বি পিৰ অন্তিমখন লীগ মেচ নেহৰু ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে । সময় বিয়লি ৩ বজাৰ পৰা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments