Sunday, October 2, 2022
HomeNewsবৰদলৈ ট্ৰফীৰ ছেমিত ইউনাইটেড চিৰাং দুৱাৰ এফ চি

বৰদলৈ ট্ৰফীৰ ছেমিত ইউনাইটেড চিৰাং দুৱাৰ এফ চি

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

শিলচৰৰ ইণ্ডিয়া ক্লাবৰ পাছত দ্বিতীয়টো দল হিচাপে বৰদলৈ ট্ৰফী ফুটবলৰ ছেমিফাইনেলত উপনীত হ’ল ইউনাইটেড চিৰাং দুৱাৰ এফ চি ।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী থাইকাজোৰাত চলা ৬৮ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ খেলত ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে জয়যাত্ৰা অব্যাহত ৰাখিছে । স্থানীয় ৰাইন’ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত মঙলবাৰৰ উত্তেজনাপূৰ্ণ খেলখনত চিৰাং দুৱাৰ এফ চিয়ে অসম ৰেজিমেণ্টেল চেণ্টাৰক ২-০ গ’লত পৰাজিত কৰে । প্ৰতিদ্ব‌ন্দ্বিতাপূৰ্ণ খেলখন বিৰতিলৈকে গ’লশূন্য ভাবে চলি আছিল । দ্বিতীয়াৰ্দ্ধৰ ৪৭ মিনিটত টি আৰ্ছ টাইডে গ’ল এটা দি চিৰাং দুৱাৰ এফ চিক ১-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰে । খেলৰ ৭৬ মিনিটত টিমি ৰিংখিনে আন এটা গ’ল দি জয়ৰ ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে । এই জয়েৰে চিৰাং দুৱাৰ এফ চিয়ে ৭ পইণ্ট লাভ কৰি ছেমিফাইনেলত প্ৰবেশ কৰাটো নিশ্চিত হৈ পৰে ।খেলখন পৰিচালনা কৰে নৱজিৎ বসুমতাৰীয়ে । তেওঁক লাইনত সহায় কৰে হীৰেন বৰ্মন আৰু ধনঞ্জয় বসুমতাৰীয়ে । চতুৰ্থ ৰেফাৰী আছিল হাবিব ৱাৰী । বুধবাৰে অনুষ্ঠিত হ’বলগীয়া লীগৰ অন্তিমখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments