Monday, October 3, 2022
HomeNewsবৰদলৈ ট্ৰফীৰ 'ডি' গ্ৰুপৰ খেলৰ সামৰণি, নৰ্থ-ইষ্ট- লাজঙৰ খেল ড্ৰ

বৰদলৈ ট্ৰফীৰ ‘ডি’ গ্ৰুপৰ খেলৰ সামৰণি, নৰ্থ-ইষ্ট- লাজঙৰ খেল ড্ৰ

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী থাইকাজোৰাত চলা ৬৮ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ অন্তিম দিনা নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু ছিলং লাজং এফ চিৰ মাজত অনুষ্ঠিত খেলখন ২-২ গ’লত ড্ৰ হৈ ৰয়। । স্থানীয় ৰাইন’ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত বুধবাৰৰ উত্তেজনাপূৰ্ণ খেলখনত প্ৰথমাৰ্দ্ধৰ ১২ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দীপু মিৰ্ধাই এটা গ’ল দি বিৰতিলৈকৈ দলটিক ১-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰে । দ্বিতীয়াৰ্দ্ধৰ ৪৬ মিনিটত লাজং এফ চিৰ হৈ টি লামুৰাঙে গ’লটো পৰিশোধ কৰে।খেলৰ ৬২ মিনিটত জি এন খাৰবুলিয়ে গ’ল এটা দিয়াত লাজং এফ চিয়ে ২-১ গ’লৰ অগ্ৰগতি লাভ কৰে যদিও ৭৬ মিনিটত নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ প্ৰজ্ঞান গগৈয়ে গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰে । গ্ৰুপৰ পৰা সৰ্বাধিক ৭ পইণ্ট লাভ কৰি ইতিমধ্যে ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে ।সেয়ে কাৰ্যতঃ বুধবাৰৰ খেলখন গুৰুত্বহীন আছিল । খেল পৰিচালনা কৰে ইজৰাইল হেমব্ৰমে । লাইনত সহায় কৰে পৱন চন্দ্ৰ ব্ৰহ্ম আৰু হাবিব ৱাৰীয়ে । প্ৰেম নাৰ্জাৰী চতুৰ্থ ৰেফাৰী আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments