অলিম্পিয়া প্ৰতিবেদন
৬৮ সংখ্যক বৰদলৈ ট্ৰফী সুদূৰ দিল্লী পালেগৈ । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত ফাইনেলত দিল্লী এফ চিয়ে নূন্যতম গ’লত পৰাস্ত কৰে নগালেণ্ড পুলিচক । দিনৰ ১ বজাতে আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হোৱা সামৰণি অনুষ্ঠানত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে পৰিবেশন কৰা আটকধুনীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে ক্ৰীড়াংগণ প্ৰাণচঞ্চল কৰি তোলে । বিয়লি ২.৩০ বজাত ৰেফাৰীৰ হুইছেল পৰা মাত্ৰকে খেলপথাৰত আৰম্ভ হয় দিল্লী এফ চি আৰু নগালেণ্ড পুলিচৰ মাজত ট্ৰফী দখলৰ যুঁজ । আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা মেচখনৰ প্ৰথমাৰ্ধত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিও দুয়ো দলে গ’ল কৰিবলৈ সক্ষম নহ’ল । বিৰতিলৈকে গ’লশূন্য হৈ ৰোৱা মেচখনৰ ফলাফল মীমাংসাৰ বাবে ৰেফাৰীয়ে পেনাল্টি শ্বুটআউটৰ সহায় ল’বলগা হ’ব বুলি একাংশ দৰ্শকে ভাবিবলৈ লৈছিল । কিন্তু মেচৰ ৭০ মিনিটত সকলো উলট-পালট কৰি দিলে জাপানৰ এগৰাকী সৰুফুটীয়া খেলুৱৈয়ে । নগালেণ্ড পুলিচৰ ৰক্ষণবিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি দিল্লী এফ চিৰ ৪০ নম্বৰ জাৰ্চি পৰিহিত কছুকে য়ামাজাকি নামৰ ষ্ট্ৰাইকাৰগৰাকীয়ে বাঞ্চিত গ’লটো স্কোৰ কৰে । ইয়াৰ যোগেদি তেওঁ যেন বুজাই দিলে কিয় জাপানে ক্ৰমাগতভাৱে ফিফা বিশ্বকাপ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰি আহিছে । উক্ত গ’ল পৰিশোধ কৰিবলৈ নগালেণ্ড পুলিচ দলে বহু চেষ্টা চলাইও সফল নহ’ল । মেচখনত বহুকেইটা সুযোগ পোৱা সত্ত্বেও দুৰ্বল ফিনিচিঙৰ বাবে নগালেণ্ড পুলিচ সফল নহ’ল । শেষৰ ফালে দুয়ো পক্ষ অধিক আক্ৰমণমুখী হৈ উঠাৰ সময়তে এক অবাঞ্চিত পৰিস্থিতি উদ্ভৱ হ’ল দিল্লীৰ শিবিৰত । হঠাতে ৰেফাৰীয়ে দিল্লী দলৰ অধিনায়ক কৃষ্ণা পণ্ডিতে ৰেডকাৰ্ড প্ৰদৰ্শন কৰি খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণটো দৰ্শকে বুজিব পৰা নাছিল । তেওঁ কোনোধৰণৰ বিধিনিষিদ্ধভাৱে বিপক্ষৰ খেলুৱৈক আক্ৰমণ কৰা নাছিল । খবৰ লৈ জানিব পৰা মতে দিল্লীৰ অধিনায়কগৰাকীয়ে অশ্ৰাব্য শব্দ উচ্চাৰণ কৰাৰ বাবে ৰেফাৰী প্ৰভাত কলিতাই এই কঠোৰ স্থিতি গ্ৰহণ কৰে । দিল্লী এফ চিৰ য়ামাজাকিয়ে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু নগালেণ্ড পুলিচৰ এন চালিউৰে শ্ৰেষ্ঠ গ’লকীপাৰৰ ট্ৰফী লাভ কৰে । খেল পৰিচালনাত প্ৰভাত কলিতাক সহায় কৰে টহিদ উল্লাহ, জেহিৰুল ইছলাম, দ্বিজেন্দ্ৰমোহন শৰ্মা, ৰঞ্জিৎ দৈমাৰী আৰু মেচ কমিচনাৰ দীপক কুমাৰ দেই । সামৰণিত ট্ৰফীসমূহ বিতৰণ কৰে মুখ্য অতিথি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, আৰক্ষী বিষয়া জি পি সিং, হৰমীত সিং, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী, সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই ।